thumbnail

By ETV Bharat Assamese Team

Published : Jul 18, 2024, 10:30 PM IST

ETV Bharat / Videos

কিদৰে দুৰ্ঘটনাগ্ৰস্ত হৈছিল ডিব্ৰুগড় এক্সপ্ৰেছ ? আঘাতপ্ৰাপ্ত খোৱাঙৰ মুকুল ঘাটোৱাৰে দিলে বিৱৰণ - Dibrugarh Express Accident

ডিব্ৰুগড়, ১৭ জুলাই : ডিব্ৰুগড় অভিমুখী দুৰ্ঘটনাগ্ৰস্ত চণ্ডীগড়-ডিব্ৰুগড় এক্সপ্ৰেছত আঘাতপ্ৰাপ্ত মৰাণৰ খোৱাং চাহ বাগিচাৰ মুকুল ঘাটোৱাৰ ৷ ৰে’লখনত ছুপাৰভাইজাৰ হিচাপে কৰ্মৰত আছিল খোৱাং চাহ বাগিচাৰ ৩ নম্বৰ লাইনৰ মুকুল ৷

ফোনযোগে পৰিয়াল আৰু সংবাদ মাধ্যমক দুৰ্ঘটনাটোৰ ভয়ংকৰ বিৱৰণ দিলে ৰে’ল বিভাগৰ কৰ্মচাৰীগৰাকীয়ে ৷ আঘাতপ্ৰাপ্ত ৰে’ল কৰ্মচাৰীজনে জানিবলৈ দিয়া মতে দুৰ্ঘটনাগ্ৰস্ত চণ্ডীগড়-ডিব্ৰুগড় এক্সপ্ৰেছত ২০ জনৰো অধিক লোক নিহত হোৱাৰ সম্ভাৱনা আছে ৷ বৰ্তমান ডিব্ৰুগড় অভিমুখী বিশেষ ৰে’লযোগে উভতি আহিছে ৰে’লকৰ্মীজন ৷

ৰে'লখনত ডিব্ৰুগড়, তিনিচুকীয়া, শিমলুগুৰিৰ বহু যাত্ৰীৰ লগতে ৰে’ল কৰ্মচাৰীও আছিল বুলি মুকুল ঘাটোৱাৰে জানিবলৈ দিয়ে ৷ উল্লেখ্য যে বৃহস্পতিবাৰে উত্তৰ প্ৰদেশৰ গ’ণ্ডাত দুৰ্ঘটনাগ্ৰস্ত হয় ডিব্ৰুগড় এক্সপ্ৰেছ ৷ ৰে’লখন লাইনচ্যুত হৈ দুৰ্ঘটনাত পতিত হয় ৷ দুৰ্ঘটনাটোৰ ফলত এইপৰ্যন্ত ৪ গৰাকী যাত্ৰীৰ মৃত্যু হোৱাৰ খবৰ আহিছে ৷

লগতে পঢ়ক : উত্তৰ প্ৰদেশৰ গ’ণ্ডাত লাইনচ্যুত হ’ল ডিব্ৰুগড় এক্সপ্ৰেছ : নিহত ৪, আহত ২০ ৰো অধিক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.