thumbnail

By ETV Bharat Assamese Team

Published : Mar 16, 2024, 5:13 PM IST

ETV Bharat / Videos

বাল্যবিবাহত বাধা দিবলৈ যোৱা যুৱকক ছুৰীৰে আক্ৰমণ

নলবাৰী, ১৬ মাৰ্চ :  নলবাৰীৰৰ ৩নং কান্ধবাৰীত চাঞ্চল্যকৰ ঘটনা । বাল্যবিবাহত বাধা দিয়াৰ বাবে এজন যুৱকক ছুৰীৰে আঘাত কৰে অপৰাধীয়ে । ছাদ্দাম হুছেইন নামৰ এজন যুৱকৰ ছুৰীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় এজন যুৱক । আহত যুৱকজনৰ নাম দিলবৰ আলী ।

প্ৰাপ্ত খবৰ অনুসৰি, পূৰ্বতে ছাদ্দাম হুছেইনে এগৰাকী কম বয়সৰ ছোৱালী পলুৱাই আনিছিল । পিচত আৰক্ষীয়ে লৰা-ছোৱালী দুয়োকে উদ্ধাৰ কৰি পৰিয়ালৰ লোকক গতাই দিছিল । পুনৰ ছাদ্দাম হুছেইনে ছোৱালীজনীৰ সৈতে সম্পৰ্ক আৰম্ভ কৰে । এই কথাটোত বাধা দিছিলে প্ৰতিবেশী জেহেৰুল ইছলাম নামৰ এজন লোকে ।

সেই বাবেই ছাদ্দাম হুছেইনে জেহেৰুল ইছলাম আৰু তেওঁৰ খুলশালীয়েক দিলবৰ আলীক আক্ৰমণ কৰে । ছাদ্দাম হুছেইনৰ ছুৰীৰ আক্ৰমণত দিলবৰ আলী গুৰুতৰভাৱে আহত হয় । আহত দিলবৰ আলীক মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও আঘাত গুৰুতৰ হোৱাত GMCH লৈ প্ৰেৰণ কৰা হয় । ঘটনা সংঘটিত কৰি ছাদ্দাম হুছেইনে পলায়ন কৰে । ঘটনা সন্দৰ্ভত দিলবৰ আলীৰ পৰিয়ালৰ লোকে মুকালমুৱা আৰক্ষীৰ কাষ চাপিছে ।

লগতে পঢ়ক : আহিছিল বিয়া পাতিবলৈ, পালেহি ৰঙাঘৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.