যোৰহাটত পিঞ্জৰাৱদ্ধ নাহৰফুটুকী

By ETV Bharat Assamese Team

Published : Feb 3, 2024, 12:01 PM IST

thumbnail

যোৰহাট, 3 ফেব্ৰুৱাৰী : যোৰহাটত পুনৰ আন এটা প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাৱদ্ধ ৷ নাহৰফুটুকীটোৱে পশ্চিম যোৰহাটত দীৰ্ঘদিন ধৰি সৃষ্টি কৰি আহিছিল এক আতংকময় পৰিৱেশৰ । পশ্চিম যোৰহাটৰ ঢেকেলীয়া গাঁৱত আজি পুৱতি নিশা পিঞ্জৰাৱদ্ধ হয় নাহৰফুটুকীটো ৷ 25 জানুবাৰীত এই স্থানতেই আন এটা নাহৰফুটুকীও পিঞ্জৰাৱদ্ধ হৈছিল ।

উল্লেখ্য যে, উক্ত অঞ্চলটোত দীৰ্ঘদিন ধৰি নাহৰফুটুকীটোৱে উপদ্ৰৱ চলাই গৰু, ছাগলী, মুৰ্গী আদি পোহনীয়া জীৱ-জন্তু খাই আহিছিল । অৱশেষত নাহৰফুটুকীটোৰ অৱস্থান সম্পৰ্কে অৱগত হৈ স্থানীয় ৰাইজে বন বিভাগক জনাই আৰু নাহৰফুটুকীটোক বন-বিভাগে পিঞ্জৰাৱদ্ধ কৰিবৰ বাবে চেষ্টা অব্যাহত ৰাখে ৷

ইয়াৰ পিচতে অঞ্চলটোত বন বিভাগে আৰু এটা পিঞ্জৰা পাতে আৰু এই নাহৰফুটুকীটো পিঞ্জৰাৱদ্ধ হয় । নাহৰফুটুকীটো পিঞ্জৰাৱদ্ধ হোৱাত ৰাইজে বৰ্তমান স্বস্তিৰ নিশ্বাস পেলাইছে । নাহৰফুটুকীটোক বন বিভাগে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মোকলাই দিব বুলি জানিবলৈ দিছে ।

লগতে পঢ়ক : আমগুৰিত দুটাকৈ মৃত নাহৰফুটুকী উদ্ধাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.