ৰাজ্যৰ এহেজাৰ হেক্টৰ ভূমিত কৰা হ’ব দ্বৈত কৃষি : অতুল বৰা - Assam Agricultural University - ASSAM AGRICULTURAL UNIVERSITY
🎬 Watch Now: Feature Video


Published : Jun 29, 2024, 7:45 PM IST
মিৰ্জা, 29 জুন : মহানগৰীৰ আজাৰাৰ কাহিকুছিস্থিত অসম কৃষি বিশ্ববিদ্যালয়ত শনিবাৰে অনুষ্ঠিত হয় এখনি কৃষি বিষয়ক আলোচনা চক্ৰ ৷ অসমৰ 1000 হেক্টৰ খেতি পথাৰত ধানকে ধৰি দ্বৈত শস্য উৎপাদন কিদৰে কৰিব পাৰি তাকে লৈ অনুষ্ঠিত হয় এই আলোচনা চক্ৰ ৷ এই অনুষ্ঠানত কৃষি মন্ত্ৰী অতুল বৰা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ৷
এই আলোচনা চক্ৰত কৃষি বিষয়ক বৈজ্ঞানিক ভিত্তিত বিভিন্ন দিহা পৰামৰ্শ পাব পৰাকৈ এটা ম’বাইল এপ মুকলি কৰা হয় ৷ কৃষকসকলে এটা বছৰত দুবাৰকৈ খেতি কৰি কেনেকৈ লাভাম্বিত হয় এই বিষয়েও আলোচনা কৰাৰ লগতে আগন্তুক দিনত প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হ’ব বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে ৷ কৃষিৰ সৈতে জড়িত বিভিন্ন বিভাগৰ অৰ্ধ শতাধিক বিষয়া এই আলোচনাচক্ৰত উপস্থিত থাকে ৷
লগতে পঢ়ক : যোৰহাট দিৱসত গ্ৰন্থদান পাত্ৰ মুকলি - Jorhat Day