জনজাতিকৰণৰ মৰ্যাদা প্ৰদানৰ দাবীত চচলত কোচ ৰাজবংশীৰ প্ৰতিবাদ - কোচ ৰাজবংশীৰ প্ৰতিবাদ

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Feb 13, 2024, 2:05 PM IST

গুৱাহাটী, 13 ফেব্ৰুৱাৰী: জনজাতিকৰণৰ মৰ্যাদা প্ৰদানৰ দাবীত কোচ ৰাজবংশীৰ প্ৰতিবাদত পুনৰ উত্তাল হ’ল গুৱাহাটীৰ চচলৰ ধৰ্ণাস্থলী । অবিভক্ত গোৱালপাৰা জিলাৰ কোচ ৰাজবংশীসকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা, পৃথক কমতাপুৰ ৰাজ্য গঠন, কোঁচ ৰাজবংশী ভাষাক সংবিধানৰ অষ্টম অনুসূচিত অন্তৰ্ভুক্ত কৰাৰ দাবীত মঙ্গলবাৰে প্ৰতিবাদকাৰীসকলে হাতে হাতে প্লে’-কাৰ্ড লৈ বিভিন্ন চৰকাৰ বিৰোধী শ্লো'গানেৰে চচলৰ ধৰ্ণাস্থলী উত্তাল কৰি তোলে ।

কেৱল ভোট বেংকৰ স্বাৰ্থত কোচ ৰাজবংশীসকলক ব্যৱহাৰ কৰি প্ৰতিখন চৰকাৰে তেওঁলোকৰ দীৰ্ঘদিনীয়া সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত পিঠি দিয়াৰ অভিযোগ তোলে প্ৰতিবাদকাৰীয়ে । বিজেপি চৰকাৰখনেও তেওঁলোকক প্ৰতাৰণা কৰি আহিছে বুলি ক্ষোভ প্ৰকাশ কৰি সমাগত লোকসভা নিৰ্বাচনৰ পূৰ্বে কোঁচ ৰাজবংশীসকলক জনজাতিকৰণৰ নিশ্চিতি প্ৰদান নকৰিলে বিজেপিৰ বিৰুদ্ধে স্থিতি গ্ৰহণ কৰিব বুলি প্ৰতিবাদকাৰীসকলে হুংকাৰ প্ৰদান কৰে ।

লগতে পঢ়ক: টাই আহোমক জনজাতিকৰণ কৰাটো মইও বিচাৰো: যোগেন মহন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.