ৰাজ্যসভা: মিছন ৰঞ্জন দাসৰ প্ৰাৰ্থিত্ব লাভত কৰিমগঞ্জত আনন্দ-উল্লাস - Rajya Sabha election 2024

By ETV Bharat Assamese Team

Published : Aug 20, 2024, 10:40 PM IST

Updated : Aug 20, 2024, 10:49 PM IST

thumbnail
মিছনৰঞ্জন দাসক প্ৰাৰ্থিত্ব প্ৰদান কৰাক লৈ আনন্দ-উল্লাস (ETV Bharat Assam)

কৰিমগঞ্জ,২০ আগষ্ট: ৰাজ্যসভাৰ দুখন আসনৰ নিৰ্বাচনৰ বাবে বিজেপিৰ দুই প্ৰাৰ্থীৰ নাম ঘোষণা । ৰামেশ্বৰ তেলী আৰু মিছন ৰঞ্জন দাস হ’ব ৰাজ্যসভাৰ প্ৰাৰ্থী । বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই মঙলবাৰে বিয়লি নতুন দিল্লীত দুয়োৰে নাম ঘোষণা কৰে ৷ ইয়াৰ পিছতেই মিছন ৰঞ্জন দাসৰ নাম ঘোষণা কৰাক লৈ বিজেপি কৰ্মীৰ আনন্দ-উল্লাস কৰিমগঞ্জত । জিলা বিজেপিৰ কাৰ্যালয়ৰ সন্মুখত ফটকা ফুটাই দলীয় শ্ল'গান দি বিজেপিৰ সমৰ্থকসকলে উল্লাস কৰে ।  

জিলা বিজেপিৰ সভাপতি সুব্ৰত ভট্টাচাৰ্যই বৰাকত প্ৰথমবাৰৰ বাবে ৰাজ্যসভাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি বিজেপিৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক নেতৃত্বক ধন্যবাদ জ্ঞাপন কৰে । ইফালে বৰাকৰ পৰা প্ৰাক্তন সাংসদ তথা এইবাৰ টিকটৰ বঞ্চিত হোৱা ৰাজদ্বীপ ৰয়ৰ নামো চৰ্চাত আছিল যদিও শেষ পৰ্যায়ত মিছন ৰঞ্জন দাসৰ নামেই চূড়ান্ত কৰে নেতৃত্বই । উত্তৰ কৰিমগঞ্জ সমষ্টিৰ পৰা ৪ বাৰৰ বিধায়ক হোৱা মিছন ৰঞ্জন দাসে ইতিমধ্যে মনোনয়ন পত্ৰ সংগ্ৰহ কৰিছে । 

লগতে পঢ়ক: ৰাজ্যসভা নিৰ্বাচন: বিজেপিৰ প্ৰাৰ্থী ৰামেশ্বৰ তেলী-মিছন ৰঞ্জন দাস - RAJYA SABHA ELECTION 2024

ৰাজ্যসভাৰ দুখন আসনৰ বাবে বিজেপিৰ কোনে কোনে কৰিছে আবেদন, চাওক তালিকা - BJP Meeting In Guwahati

Last Updated : Aug 20, 2024, 10:49 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.