বৰঝাৰৰ পৰা আহমেদাবাদলৈ ৰাওনা ৰাজস্থান ৰয়েলছ - Rajasthan Royals
🎬 Watch Now: Feature Video
Published : May 20, 2024, 5:52 PM IST
গুৱাহাটী, 20 মে’ : দেওবাৰে বৰ্ষাপাৰাত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে চলিত সংস্কৰণৰ আই পি এলৰ অন্তিমখন লীগ মেচত অংশগ্ৰহণ কৰাৰ পিচত গুৱাহাটী এৰিলে ৰাজস্থান ৰয়েলছে ৷ বৰঝাৰ বিমান বন্দৰৰ পৰা বিশেষ বিমানযোগে ৰাজস্থান ৰয়েলছ দলটো ৰাওনা হয় আহমেদাবাদলৈ ৷ হোটেল Myfair ৰ পৰা বাছেৰে কটকটীয়া নিৰাপত্তাৰ মাজেৰে আহি বৰঝাৰ বিমান বন্দৰত উপস্থিত হোৱাৰ পিচতে দলটো ৰাওনা হয় ৷ বিমান বন্দৰত দলটোৰ খেলুৱৈসকলক চাবলৈ অনুৰাগীয়ে ভিৰ কৰা পৰিলক্ষিত হয় ৷
উল্লেখ্য যে, আই পি এলৰ অন্তিম দুখন লীগ মেচত ভাগ ল’বলৈ 13 মে’ৰ পৰাই গুৱাহাটীত বাহৰ পাতি আছিল ৰাজস্থান ৰয়েলছে ৷ 15 মে’ত বৰ্ষাপাৰাত পঞ্জাৱ কিংছৰ বিৰুদ্ধে 5 উইকেটত পৰাস্ত হোৱাৰ পিচত 19 মে’, দেওবাৰে কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা অন্তিমখন লীগ মেচ বৰষুণৰ বাবে পৰিত্যক্ত ঘোষণা কৰা হয় ৷ 22 মে’ত ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে আই পি এলৰ প্লে’ অফ মেচ খেলিব ৰাজস্থান ৰয়েলছে ৷
লগতে পঢ়ক : বৰ্ষাপাৰাত ৰাজস্থান-কলকাতাৰ মেচত বৰষুণৰ বিধি-পথালি, টছত বিলম্ব - IPL 2024