thumbnail

By ETV Bharat Assamese Team

Published : Mar 9, 2024, 6:19 PM IST

ETV Bharat / Videos

তিনিচুকীয়াত সেনাৰ উদ্যোগত চিলাই মেচিন কেন্দ্ৰৰ শুভ উদ্বোধন

তিনিচুকীয়া,৯ মাৰ্চ: ভাৰতীয় সেনাৰ উদ্যোগত পেঙেৰী-টকৌপথাৰ মহিলা সমিতি আৰু নৱজ্যোতি যুৱক সংঘৰ সহযোগত পেঙেৰীৰ টকৌপথাৰত স্থানীয় মহিলাসকলৰ সুবিধা হোৱাকৈ চিলাই মেচিন কেন্দ্ৰৰ শুভ উদ্বোধন কৰা হয় । ভাৰতীয় সেনাই Red Shield Stitching Centre ৰ বাবে ২০ টাকৈ চিলাই মেচিনৰ লগতে বিভিন্ন ধৰণৰ বহু সামগ্ৰী প্ৰদান কৰি এই কেন্দ্ৰটো মুকলি কৰে ।  

কাৰ্যসূচীত ভাৰতীয় সেনাৰ ব্ৰিগেডিয়াৰ অৱনীশ চামবিয়াল, কামাণ্ডিং বিষয়া কৰ্ণেল কে এছ এইছ জৈন, ডুমডুমা বন সংমণ্ডলৰ বিষয়া মৃগাংক বৰাৰ লগতে পেঙেৰী-টকৌপথাৰ মহিলা সমিতি আৰু নৱজ্যোতি যুৱক সংঘৰ বিষয়ববীয়া তথা কৰ্মকৰ্তাসকল উপস্থিত থাকে । অনুষ্ঠানত অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক নৃত্য প্ৰদৰ্শন কৰা হয় । ভাৰতীয় সেনাই অঞ্চলটোত বিভিন্ন সময়ত এনেধৰণৰ সামাজিক উন্নয়নমূলক কাম কৰি আহিছে বুলিও উল্লেখ কৰে আয়োজকসকলে । 

লগতে পঢ়ক: মহানগৰীত মহাশিৱৰাত্ৰি: পদযুগল থকা এটা জীয়াশিলৰ শিৱ মন্দিৰত ভক্তৰ ভিৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.