শোণিতপুৰ সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থীৰ মনোনয়ন দাখিল: বিজেপিয়ে প্ৰতাৰণা কৰাৰ অভিযোগ - Lok sabha election 2024

By ETV Bharat Assamese Team

Published : Mar 26, 2024, 6:51 PM IST

thumbnail

তেজপুৰ, ২৬ মাৰ্চ : শোণিতপুৰ লোকসভা সমষ্টিত এইবাৰ বিজেপি আৰু কংগ্ৰেছৰ অৱস্থা তথৈবচ হ’ব । দলকেইটাৰ ভাগত নাথাকিব ভোট ৷ কাৰণ ১৬ লাখৰো অধিক ভোটাৰ থকা সমষ্টিটোত আনুমানিক ১৩ লাখ ভোটাৰে ভোটদান কৰিলেও তাৰে ৮ লাখ ভোট পাব মাত্ৰ এজন প্ৰাৰ্থীয়েহে। এই দাবী কৰে মঙলবাৰে শোণিতপুৰত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰা প্ৰদীপ ভাণ্ডাৰী নামৰ এজন আকস্মিকভাৱে আবিৰ্ভাৱ হোৱা প্ৰাৰ্থীয়ে । 

আজি মনোনয়ন পত্ৰ দাখিল কৰি আহি আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰাৰ্থীগৰাকীয়ে ঘোষণা কৰে যে, লোকসভা সমষ্টিটোত প্ৰথমগৰাকী নিৰ্দলীয় প্ৰাৰ্থী হিচাপে তেওঁ মনোনয়ন পত্ৰ দাখিল কৰে ।

ইতিমধ্যে লোকসভা সমষ্টিটোত কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰেমলাল গুঞ্জুৱে মনোনয়ন পত্ৰ দাখিল কৰিছে । অহা ২৭ তাৰিখে বিজেপি দলৰ প্ৰাৰ্থী ৰঞ্জিত দত্ত আৰু বিৰোধী মিত্ৰজোঁটৰ আম আদমী পাৰ্টিৰ প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিল্যইও মনোনয়ন দাখিল কৰিব ।

শোণিতপুৰ লোকসভা সমষ্টিৰ মুঠ ১৬,২৫,৩৬৪ জন ভোটাৰৰ ভিতৰত শোণিতপুৰ জিলাৰ পাঁচটা বিধানসভা সমষ্টিত মুঠ ভোটাৰ হৈছে ৯,৫১,২৮৫ গৰাকী । জিলাখনৰ মুঠ পুৰুষ ভোটাৰ ৪,৭৩,০৩৭ জন আৰু মহিলা ভোটাৰ হৈছে ৪,৭৮,২৪৮ গৰাকী ।

লগতে পঢ়ক: কংগ্ৰেছৰ কোনে, ক’ত, কেতিয়া দিব মনোনয়ন ? - Lok Sabha Elections

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.