বোমা বিচাৰি ডিব্ৰুগড়তো আৰক্ষীৰ ব্যাপক অভিযান - ULFA I bomb plans - ULFA I BOMB PLANS
🎬 Watch Now: Feature Video
Published : Aug 15, 2024, 4:21 PM IST
ডিব্ৰুগড়, 15 আগষ্ট: স্বাধীনতা দিৱসৰ দিনাই ৰাজ্যৰ 25 টাকৈ স্থানত আলফা(স্বা)ই বোমা সংস্থাপন কৰাৰ খবৰে সকলোকে পুনৰ এবাৰ মনত পেলাই দিলে 2004 চনৰ ধেমাজিকাণ্ডলৈ ৷ অৱশ্যে অসমৰ ৰাইজৰ সৌভাগ্য যে, শদিয়াৰ পৰা ধুবুৰীলৈ স্বাধীনতা দিৱসৰ দিনা আলফা(স্বাঃ)ই সামৰিক অভিযানৰ অৰ্থে বোমা সংস্থাপন কৰিছিল যদিও কাৰিকৰী কাৰণত এটাও বোমা বিস্ফোৰণ নহ’ল ৷ ইতিমধ্যে কেবাটাও স্থানৰ পৰা আৰক্ষীয়ে বোমা সদৃশ সামগ্ৰী উদ্ধাৰ কৰিছে ৷ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে X যোগে সদৰী কৰা মতে, নগাঁও, নলবাৰী, শিৱসাগৰ আৰু লখিমপুৰত উদ্ধাৰ হোৱা বোমাসদৃশ সামগ্ৰীকেইটা নিষ্ক্ৰিয় কৰা হৈছে ৷
ডিব্ৰুগড়তো দেখা গৈছে বোমাৰ আতংক । আলফা স্বাধীনে ডিব্ৰুগড়ৰ পুৰণি বাছ আস্থানৰ এখন পৰিত্যক্ত বাছত বোমা সংস্থাপন সন্দৰ্ভত প্ৰেছ বিজ্ঞপ্তিত প্ৰকাশ কৰা পিছতে ডিব্ৰুগড়ত আতংকিত পৰিবেশ সৃষ্টি হৈছে । এই খবৰ ৰাজহুৱা হোৱাৰ পাছতে পুৰণি বাছ আস্থানত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে আৰক্ষীয়ে । বাছ আস্থানৰ চৌপাশত আৰক্ষী মোতায়েন কৰা হৈছে । পুৰণি বাছ আস্থানত কেইবাখনো পুৰণি বাছ থকাৰ বাবে আৰক্ষী নিশ্চিত হ'ব পৰা নাই কোনখন বাছত বোমাটো আছে ।
ৰঙিয়াত বোমা বিচাৰি চলাথ আৰক্ষীৰ - 78th Independence day
শিৱসাগৰৰ দুটাকৈ স্থানৰ পৰা সন্দেহজনক বোমা উদ্ধাৰ আৰক্ষীৰ - ULFA I Bomb plan
লখিমপুৰৰ দুটা স্থানত উদ্ধাৰ সন্দেহজনক বোমা - ULFA I bomb plans