ঘৰৰ ওপৰত বাগৰি পৰিল প্ৰকাণ্ড গছ, এজন আহত - Tree Falls Over House

By ETV Bharat Assamese Team

Published : Jul 5, 2024, 7:11 PM IST

thumbnail
বাসসগৃহৰ ওপৰতে বাগৰি পৰিল এজোপা প্ৰকাণ্ড আঁহত গছ (ETV BHARAT ASSAM)

ৰঙাপৰা, 5 জুলাই : শোণিতপুৰ জিলাৰ ৰঙাপৰাত এটা বাসগৃহৰ ওপৰত এজোপা প্ৰকাণ্ড আঁহত গছ বাগৰি পৰাত যথেষ্ট ক্ষতিসাধন হয় ৷ শুকুৰবাৰে পুৱাই সংঘটিত হোৱা এই ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰে মাতৃ-পুত্ৰৰ ৷  

জানিব পৰা মতে আজি পুৱা প্ৰায় 6.30 বজাত ৰঙাপৰাৰ 1 নং নামনি গাঁৱৰ নিৱাসী হৰি গোবিন্দ সিঙৰ বাসগৃহৰ কাষতে থকা তথা হিন্দু ধর্মাৱলম্বী লোকসকলে পূজা-অৰ্চনা কৰি অহা অতি পুৰণি প্ৰকাণ্ড আঁহত গছজোপা বাগৰি পৰে ৷ গছজোপা বাগৰি পৰাৰ ফলত লোকজনৰ চৌহদৰ পকী দেৱাল ভাঙি পৰাৰ লগতে বাসগৃহটোৰ যথেষ্ঠ ক্ষতিসাধন হয় ৷  

ইফালে গছডাল বাগৰি পৰাৰ সময়ত হৰি গোবিন্দ সিঙৰ পুত্ৰ আনন্দ সিঙে মাতৃক ৰক্ষা কৰিবলৈ যাওঁতেই তেওঁৰ মূৰত চিলিঙৰ এটা অংশ খহি পৰে ৷ ফলত যুৱকজন কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হয় ৷ ঘটনাত পৰিয়ালটোৰ আটাইকেইজন সদস্যৰ কথমপি প্ৰাণ ৰক্ষা পৰে ৷ কেবাদিনো ধৰি হোৱা বৰষুণৰ ফলতে গছজোপা বাগৰি পৰে বুলি ৰাইজে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক : দুৰ্যোগৰ আন এক নাম গুৱাহাটী : এতিয়াও উদ্ধাৰ হোৱা নাই নলাত পৰি উটি যোৱা শিশু - Flash Flood in Guwahati

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.