জনজাতিকৰণৰ বাবে তেজ দিবলৈ সাজু চুতীয়া জাতি: ধেমাজিত চুতীয়া ছাত্ৰ সন্থাৰ বিশাল গণ সমাবেশ - CHUTIA STUDENTS ASSOCIATION
🎬 Watch Now: Feature Video
Published : Oct 28, 2024, 10:45 PM IST
ধেমাজি: জনজাতিকৰণ আৰু স্বায়ত্ত শাসন প্ৰদানৰ দাবীত সোমবাৰে ধেমাজি সদৰৰ আন্তঃজিলা বাছ আস্থান কঁপালে সদৌ চুতীয়া জাতি ছাত্ৰ সন্থাই ৷ সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে সদৌ ধেমাজি জিলা চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত ধেমাজি জিলা চুতীয়া জাতি সন্মিলন, মহিলা সন্মিলন আৰু যুৱ সন্মিলনৰ সহযোগত প্ৰায় তিনি হাজাৰ পুৰুষ-মহিলাই গণ সমাৱেশত অংশগ্ৰহণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷
প্ৰতিবাদত অংশ লৈ কেন্দ্ৰীয় সমিতিৰ সভাপতি মহেন বৰাই উদাত্ত ভাষণ আগবঢ়াই কয় যে জনজাতিকৰণৰ বাবে প্ৰয়োজনত গুলী খাবলৈ সাজু আছে ৷ তেওঁলোকৰ সংগ্ৰাম ধেমাজি তেলিজানৰ পৰা দিল্লী-দিছপুৰে শুনিব লাগিব ৷ আগন্তুক ব’হাগ মাহৰ ভিতৰত চৰকাৰক বান্ধি দিলে ছয়মাহ সময়সীমা ৷ জনজাতিকৰণ কৰিব নে নকৰে চৰকাৰক স্থিতি স্পষ্ট কৰিবলৈ আহ্বান কেন্দ্ৰীয় নেতাগৰাকীৰ ৷ লগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু দেশৰ প্ৰধানমন্ত্ৰীক তেওঁলোকৰ স্থিতি স্পষ্ট কৰিবলৈ আহ্বান মহেন বৰাৰ ৷
লগতে পঢ়ক: মিচিং স্বায়ত্ত পৰিষদত অনা-মিচিং গাঁৱৰ অন্তৰ্ভুক্তি: শিৱসাগৰত প্ৰতিবাদ