মাৰ্ঘেৰিটাৰ বৰগোলাইত ত্ৰাস চলোৱা বনৰজা এতিয়া পিঞ্জৰাৰ অতিথি - LEOPARD CAGED
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/09-12-2024/640-480-23074473-thumbnail-16x9-tinsukia.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Dec 9, 2024, 2:09 PM IST
তিনিচুকীয়া : তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা সমজিলাৰ বৰগোলাইত দীৰ্ঘদিনৰ পৰা স্থানীয় ৰাইজৰ নিদ্ৰাহৰণ কৰা বনৰজা পিঞ্জৰাবদ্ধ হ’ল । বহুদিনৰ পৰা বাঘৰ আতংকই নিদ্ৰাহৰণ কৰিছিল সাধাৰণ ৰাইজৰ । বৰগোলাইৰ তেলখাদ বস্তিত প্ৰায় এবছৰ ধৰি বাঘৰ ত্ৰাসত বিনিদ্ৰ ৰজনী কটাইছিল গঞাই ।
বনৰজাই পোহনীয়া জীৱ-জন্তু খাই একপ্ৰকাৰে উক্ত অঞ্চলটোত ত্ৰাসৰ সৃষ্টি কৰি আহিছে । সমান্তৰালভাৱে বিগত সময়ত বাঘৰ আক্ৰমণত এগৰাকী স্কুলীয়া ছাত্ৰীও গুৰুতৰভাৱে আহত হৈছিল । তাৰ পাছতে বন বিভাগে বাঘটো আবদ্ধ কৰিবৰ বাবে পিঞ্জৰা পাতিছিল । অৱশেষত দেওবাৰে নিশা বাঘটো পিঞ্জৰাত আবদ্ধ হয় । বনৰজা পিঞ্জৰাবদ্ধ হোৱাৰ পাছতে ওচৰৰ পৰা চাবলৈ ৰাইজে ভিৰ কৰা পৰিলক্ষিত হৈছে ।
ইতিমধ্যে বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ বাঘটোক উক্ত স্থানৰ পৰা লৈ যোৱাৰ যো-জা কৰিছে ৷ ইফালে স্থানীয় ৰাইজে উক্ত অঞ্চলত আৰু বাঘ থকাৰ কথা উল্লেখ কৰিছে ৷ যাৰ বাবে তেওঁলোকে আন এটা পিঞ্জৰা পাতি গোটেইকেইটা বাঘক আবদ্ধ কৰিবলৈ বন বিভাগক আহ্বান জনায় ৷
লগতে পঢ়ক : যোৰহাটত পিঞ্জৰাবদ্ধ প্ৰকাণ্ড নাহৰফুটুকী লগতে পঢ়ক : মৰিয়নীৰ চেলেংহাটত পিঞ্জৰাৱদ্ধ নাহৰফুটুকী |