চাকৰি নিয়মীয়াকৰণ, চাকৰিৰ কাৰ্যকাল ৫৫ ৰ পৰা ৬০ লৈ বৃদ্ধিৰ দাবীৰে গোচৰ তৰাৰ সিদ্ধান্ত গৃহৰক্ষী সন্থাৰ - Home Guard Union

By ETV Bharat Assamese Team

Published : Jul 20, 2024, 10:40 PM IST

thumbnail
চাকৰিৰ কাৰ্যকাল ৫৫ ৰ পৰা ৬০ লৈ বৃদ্ধিৰ দাবীৰে গোচৰ তৰাৰ সিদ্ধান্ত গৃহৰক্ষী সন্থাৰ (TV Bharat Assam)

গুৱাহাটী, ২০ জুলাই: অসমৰ গৃহৰক্ষী বাহিনীৰ চাকৰি কাল ৫৫ বছৰৰ পৰা ৬০ বছৰলৈ বৃদ্ধি কৰাৰ বাবে আদালতত গোচৰ তৰাৰ সিদ্ধান্ত লৈছে সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থা আৰু সদৌ অসম গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যাণ সন্থাই ৷ মহানগৰীৰ বেলতলা চাৰ্ভেত শনিবাৰে সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থা আৰু সদৌ অসম গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যাণ সন্থা যৌথ সমিতিৰ এক গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় । যৌথ সমিতিৰ স্থায়ী সভাপতি কৃষ্ণকান্ত দোলাকাষৰীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাত তিনিটাকৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

গুৱাহাটী উচ্চ ন্যায়ালয়ে গৃহৰক্ষী স্বেচ্ছাসেৱকসকলৰ চাকৰি নিয়মীয়া কৰাৰ সপক্ষে বিগত ২০১২-২০১৩ চনত ৰায়দান কৰাৰ পিচতো ৰাজ্য চৰকাৰে আজি পৰ্যন্ত কাৰ্যকৰী নকৰাৰ বাবে উক্ত ৰায়দানৰ ওপৰত পুনৰ উচ্চতম ন্যায়ালয়ত গোচৰ তৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । ইফালে গৃহৰক্ষী বাহিনীৰ সঞ্চালক প্ৰধানৰ কাৰ্যালয়ে বিগত ২০১৯ চনতে তৈয়াৰ কৰা Homeguard Deployment Software System এ অসমৰ ৯০ শতাংশ গৃহৰক্ষী সদস্য সদস্যা সালসলনি নোহোৱাত প্ৰতিখন জিলাতে বিসংগতি সৃষ্টি হোৱাত বিষয়টো সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ তৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

আনহাতে দেশৰ আন ৰাজ্যত গৃহৰক্ষী বাহিনীৰ চাকৰিৰ কাৰ্যকাল ৫৫ বছৰৰ পৰা ৬০ বছৰলৈ বৃদ্ধি কৰিছে । সেয়েহে অসমৰ গৃহৰক্ষী বাহিনীৰ চাকৰি কাল ৫৫ বছৰৰ পৰা ৬০ বছৰলৈ বৃদ্ধি কৰাৰ বাবে আদালতত গোচৰ তৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । সভাখনত গৃহৰক্ষী জোৱানসকলৰ আন আন সমস্যা আৰু দাবী সন্দৰ্ভতো বিস্তৃতভাৱে আলোচনা কৰা হয় ।

লগতে পঢ়ক: ন্যায্য প্ৰাপ্তিৰ দাবী গৃহৰক্ষী জোৱানৰ; অন্যথা জংগী আন্দোলনৰ হুংকাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.