গণেশ পূজাৰ দিনাই নলবাৰীৰ গণেশ মন্দিৰলৈ এটা মুছলমান পৰিয়ালে আগবঢ়ালে এবিঘা ভূমি - hindu muslim harmony
🎬 Watch Now: Feature Video
Published : Feb 13, 2024, 10:51 PM IST
নলবাৰী, ১৩ ফেব্ৰুৱাৰী : নলবাৰীত সম্প্ৰীতিৰ উৎকৃষ্ট নিদৰ্শন । ইছলামধৰ্মী লোকৰ মহানুভৱতা । হিন্দু ধৰ্মৰ মন্দিৰলৈ ইছলামধৰ্মী লোকে আগবঢ়ালে মাটি । পৰিয়ালটোৱে নলবাৰী গণেশ মন্দিৰলৈ আগবঢ়ালে এবিঘা ভূমি ।
আজি গণেশ পূজা । ৰাজ্যৰ গণেশ দেৱালয়, মন্দিৰত ভক্তৰ ভিৰ । তাৰ মাজতে নলবাৰীত দেখা গ’ল সম্প্ৰীতিৰ নিদৰ্শন । একাংশ লোকে হিন্দু-মুছলমান বুলি বিভেদ সৃষ্টি কৰি থকাৰ মাজতে নলবাৰীৰ এই পৰিয়ালটো আগবাঢ়ি আহিল ভূমি দানৰ বাবে । নলবাৰীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা শিৱ গণেশ শান্তি ধামলৈ ভূমি দানৰ বাবে আগবাঢ়ি আহিল প্ৰয়াত মেছেৰ আলীৰ পৰিয়াল ।
পিতৃয়ে মাটি দান দিয়াৰ ইচ্ছা প্ৰকাশ কৰাৰ বাবেই নলবাৰী চহৰৰ ইছলাম চুবুৰীৰ এটা মুছলমান সম্প্ৰদায়ৰ পৰিয়ালৰ মফিউল হুছেইন, মকিউল হুছেইন, মজিদুল হুছেইন আৰু মজ্জামিল হুছেইনে মন্দিৰলৈ বুলি আগবঢ়ালে ভূমি ৷ উল্লেখ্য যে, পৰিয়ালটোৱে গণেশ মন্দিৰৰ গাতে লাগি থকা এবিঘা ভূমি দান দিয়ে মন্দিৰ সমিতিক । ইফালে নলবাৰী চহৰৰ সম্ভ্ৰান্ত পৰিয়ালটোক আজি গণেশ মন্দিৰত উষ্মভাৱে আদৰণি জনোৱা হয় । এই সম্প্ৰীতিয়ে সকলোকে আপ্লুত কৰি তুলিছে ৷
লগতে পঢ়ক : হিন্দু মুছলমানৰ নামত ৰাজনীতি নকৰি বৰ অসমৰ সপোন দেখে এওঁলোকে