ৰে’লপথৰ মাজতেই উভালি পৰিল প্ৰকাণ্ড গছ, হুৱা-দুৱা পৰিস্থিতি - Heavy rain and storm

By ETV Bharat Assamese Team

Published : Jun 3, 2024, 7:17 AM IST

thumbnail
ৰে’লপথৰ মাজতেই উভালি পৰিল প্ৰকাণ্ড গছ, হুৱা-দুৱা পৰিস্থিতি (etv bharat assam)

গোলাঘাট, ২ জুন : বিগত কেইবাদিন ধৰি ৰাজ্যত নেৰা নেপেৰা বৰষুণ আৰু ধুমুহাই তাণ্ডৱ সৃষ্টি কৰিছে ৷ গোলাঘাট জিলাৰ ধনশিৰিত দেওবাৰে সন্ধিয়া প্ৰায় 7 বজাত প্ৰচণ্ড ধুমুহাৰ ফলত এশ বছৰীয়া ভেলৈ গছ উভালি পৰি বিলগাঁৱত ৰে’লপথ বন্ধ হৈ পৰে । আনকি গোলাঘাটৰ বিলগাঁও ষ্টেশ্যনটোৰো কিছু ক্ষতিসাধন হৈছে বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে, বিলগাঁও ষ্টেচনৰ দাঁতিতে অতীজৰে পৰা আছিল এই বৃহৎ গছজোপা । বৰষুণৰ ফলতেই দেওবাৰে সন্ধিয়া গছজোপা ট্ৰেইনৰ পথত উভালি পৰে । অৱশ্যে ষ্টেশ্যনত থকা কোনো লোক আহত নাই ৷ গছজোপা বাগৰি পৰাৰ ফলত দুয়োটা ৰে’লপথ বৰ্তমান সময়লৈকে বন্ধ হৈ পৰে ।

তাৰ পিচতেই ৰে’ল কৰ্তৃপক্ষই তৎকালীনভাৱে কাম হাতত লয় যদিও ৰে’ল যাতায়ত কিছু বাধা আহি পৰে । স্থানীয় লোকে জনোৱামতে গছজোপা এশ বছৰ পুৰণি বুলি উল্লেখ কৰিছে ৷

লগতে পঢ়ক: নিৰ্বাচন প্ৰায় শেষ, এতিয়া খেতিত লগাৰ সময় - Minister Atul Bora on paddy field

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.