হৰিনাৰায়ণ বৰুৱাৰ আৱক্ষ মূৰ্তি উন্মোচন মন্ত্ৰী যোগেন মহনৰ - হৰিনাৰায়ণ বৰুৱাৰ আৱক্ষ মূৰ্তি
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/29-01-2024/640-480-20616512-thumbnail-16x9-dd-aspera.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Jan 29, 2024, 2:54 PM IST
মৰাণ, ২৯ জানুৱাৰী : ৰাজ্যত শান্তি প্ৰতিষ্ঠা আৰু জনসাধাৰণৰ নিৰাপত্তাৰ ক্ষেত্ৰত আৰক্ষী প্ৰশাসনৰ সৈতে বিশেষ সহযোগিতা কৰাৰ উদ্দেশ্যে গঠন কৰা হৈছিল গাঁওৰক্ষী বাহিনী । ১৯৪৯ চনত গঠন কৰা হৈছিল অসম গাঁওৰক্ষী বাহিনী । সাধাৰণ লোকৰ সৈতে আৰক্ষীৰ সহযোগিতা বৃদ্ধি আৰু দুৰ্গম গ্ৰামাঞ্চল সমূহত অপৰাধ নিয়ন্ত্ৰণৰ উদ্দেশ্যে হৰিনাৰায়ণ বৰুৱাই ৭৪ বছৰ পূৰ্বে গঠন কৰিছিল গাঁওৰক্ষী বাহিনী নামৰ সংগঠনটো ৷ ৭৪ বছৰ পূৰ্বে গঠন হোৱা গাঁওৰক্ষী বাহিনীয়ে প্ৰতিখন গাঁৱত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে । এই গাঁওৰক্ষী বাহিনী প্ৰতিষ্ঠা কৰা প্ৰতিষ্ঠাপক প্ৰয়াত হৰিনাৰায়ণ বৰুৱাৰ আৱক্ষ মূৰ্তি চৰাইদেউ জিলাৰ কাকতিবাৰী আৰক্ষী থানাৰ চৌহদত উদ্বোধন কৰা হয় ।
চৰাইদেউ জিলাৰ কাকতিবাৰী আৰক্ষী থানাত গাঁওৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি কাকতিবাৰী আৰক্ষী থানাৰ চৌহদত গাঁওৰক্ষী বাহিনীৰ প্ৰতিষ্ঠাপক প্ৰয়াত হৰিনাৰায়ণ বৰুৱাৰ আৱক্ষ মূৰ্তি উন্মোচন কৰে কেবিনেট মন্ত্ৰী যোগেন মহনে । উক্ত অনুষ্ঠানত চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষক হিৰণ্য বৰ্মন,কাকতিবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পৰাগ জ্যোতি গগৈ আৰু জিলাখনৰ গাঁওৰক্ষী বাহিনীৰ কৰ্মকৰ্তা সকল উপস্থিত থাকে ।
লগতে পঢ়ক:অসম সাহিত্য বঁটাপ্ৰাপক অকণ চন্দ্ৰ শইকীয়াক সম্বৰ্ধনা জ্ঞাপন