তেলচুৰি চক্ৰৰে জড়িত থকাৰ অভিযোগত গাঁও প্ৰধানক গ্ৰেপ্তাৰ - Oil theft racket - OIL THEFT RACKET
🎬 Watch Now: Feature Video


Published : Aug 5, 2024, 7:25 PM IST
কলিয়াবৰ,৫ আগষ্ট : ৰাজ্যত তেলচুৰি চক্ৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে । শেহতীয়াকৈ এই চক্ৰত জড়িত থকাৰ অভিযোগত কেইবাজনো লোকক নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । দেওবাৰে কংগ্ৰেছী বিধায়ক নুৰুল হুদাৰ পুত্ৰ ৰকিবুল হুদাকো একেটা গোচৰতে গ্ৰেপ্তাৰ কৰা হৈছে । ইয়াৰ মাজতে আৰক্ষীৰ জালত পৰিছে এজন গাঁও প্ৰধান । তেলচুৰি চক্ৰৰ সৈতে জড়িত থকাৰ অভিযোগত দিল মহম্মদ নামৰ এজন গাঁও প্ৰধানক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ।
আমনিৰ খলিহামাৰী লাটৰ গাঁও প্ৰধান দিল মহম্মদ । নিশাই গাঁও প্ৰধানজনক গ্ৰেপ্তাৰ কৰি কলিয়াবৰ আৰক্ষী নিৱেশলৈ লৈ যোৱা হয় । জানিব পৰা মতে গাঁও প্ৰধানজনক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে । গোচৰটোত বিধায়কৰ পুত্ৰকে ধৰি গাঁও প্ৰধান গ্ৰেপ্তাৰ হোৱাত এতিয়া ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।