পুলৱামা কাণ্ডত নিহত বীৰ শ্বহীদৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই গোলাঘাটত বন্তি প্ৰজ্বলন

By ETV Bharat Assamese Team

Published : Feb 14, 2024, 10:50 PM IST

thumbnail

গোলাঘাট, 14 ফেব্ৰুৱাৰী : আজি ১৪ ফ্ৰেব্ৰুৱাৰী ৷ সমগ্ৰ ভাৰতবাসীয়ে কেতিয়াও পাহৰিব নোৱৰা এটা দিন । ভাৰতবাসীৰ বাবে আজিৰ দিনটো এটা ক’লা দিন । আজিৰ দিনটোতে পুৱালমাত শ্বহীদ হৈছিল ৪০ জনকৈ বীৰ জোৱান । 2019 চনৰ 14 ফ্ৰেব্ৰুৱাৰীত সন্ত্ৰাসবাদীয়ে জম্মু-শ্ৰীনগৰৰ ৰাষ্ট্ৰীয় ঘাইপথত ভাৰতীয় সেনাৰ ওপৰত চলাইছিল আক্ৰমণ ।

আক্ৰমণকাৰীয়ে জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথত চি আৰ পি এফৰ কনভয়ত বিস্ফোৰক ভৰ্তি বাহনেৰে খুন্দিওৱাৰ ফলত সংঘটিত হৈছিল ভয়ংকৰ বিস্ফোৰণ যাৰ ফলত ৪০ জন চি আৰ পি এফৰ জোৱান শ্বহীদ হৈছিল । এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছিল পাকিস্তানী সন্ত্ৰাসবাদী সংগঠন জইছ-ই-মহম্মদে ৷ এটা ভিডিঅ’ মুকলি কৰিছিল সন্ত্ৰাসবাদী সংগঠনটোৱে । এই ঘটনাটো সংঘটিত কৰাজনক 22 বছৰীয়া আত্মঘাতী বোমাৰু আদিল আহমেদ দাৰ বুলি চিনাক্ত কৰা হৈছিল । উক্ত ঘটনাত শ্বহীদ হোৱা বীৰ জোৱানৰ আত্মাৰ সদগতি কামনা কৰি গোলাঘাটৰ বাটা চাৰিআলিত স্নুকাৰ ক্লাবৰ উদ্যোগত বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰা হয় । ক্লাবৰ ভালেসংখ্যক যুৱকে শ্বহীদ বীৰ জোৱানসকলক স্মৰণ কৰি বন্তি প্ৰজ্বলন কৰি আত্মাৰ সদগতি কামনা কৰে ।

লগতে পঢ়ক : পুলৱামা আক্ৰমণৰ পঞ্চম বাৰ্ষিকী; এতিয়াও দেশবাসীৰ মনত সজীৱ দুৰ্বিষহ স্মৃতি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.