গোলাঘাটত প্ৰায় ১৯ লাখ টকাৰ নিচাযুক্ত সামগ্ৰী দাহ - Seized drugs burnt in Golaghat

By ETV Bharat Assamese Team

Published : Jul 11, 2024, 2:21 PM IST

thumbnail
প্ৰায় ১৯ লাখ টকাৰ নিচাযুক্ত সামগ্ৰী দাহ (ETV Bharat Assam)

গোলাঘাট, ১১ জুলাই : উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে আজি (বৃহস্পতিবাৰ) গোলাঘাটৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙে বগৰীজেংস্থিত আৰক্ষী নিৱেশৰ চৌহদত দাহ কৰে বুজন পৰিমাণৰ নিচাযুক্ত সামগ্ৰী ৷ দাহ কৰা নিচাযুক্ত সামগ্ৰীখিনিৰ ওজন ৯৭.০৪ গ্ৰাম ৷ ইয়াৰ আন্তঃৰাষ্ট্ৰীয় বজাৰৰ মূল্য ১৯ লাখ ৪৪ হাজাৰ ৮০০ টকা ৷ এই কথা সংবাদ মাধ্যমৰ আগত সদৰী কৰিছে গোলাঘাটৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙে ৷

আৰক্ষী অধীক্ষক সিঙে উল্লেখ কৰা অনুসৰি, বৃহস্পতিবাৰে দাহ কৰা নিচাজাতীয় সামগ্ৰীখিনি জিলাখনৰ বিভিন্ন স্থানৰ পৰা আৰক্ষীয়ে জব্দ কৰিছিল ৷ তেওঁ আৰু কয় যে চলিত বৰ্ষত জিলাখনৰ বিভিন্ন প্ৰান্তত অভিযান চলাই প্ৰায় ৭ কেজি হেৰ'ইন জব্দ কৰাৰ লগতে বৰ্তমানলৈকে ৫০ জনৰো অধিক লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ।

এই মাৰাত্মক ড্ৰাগছ সোণালী ত্ৰিভূজ ম্যানমাৰৰ পৰা মণিপুৰ, নাগালেণ্ড হৈ গোলাঘাট জিলাৰ সীমান্ত অঞ্চলৰে সৰবৰাহ কৰা হয় বুলিও তেওঁ কয় । মূলত গোলাঘাট জিলাখনক ড্ৰাগছ সৰবৰাহৰ কেন্দ্ৰ হিচাপে ব্যৱহাৰ কৰি আহিছে একাংশ দুষ্টচক্ৰই । কিন্তু গোলাঘাট আৰক্ষীয়ে এই মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে প্ৰতিদিনাই অভিযান চলাই যাব বুলি গোলাঘাটৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙে উল্লেখ কৰে ৷

লগতে পঢ়ক : সৰবৰাহকাৰীসহ কৰিমগঞ্জৰ কান্দিগ্ৰামত 4 কোটি টকাৰ য়াৱা টেবলেট জব্দ - Yaba Tablets Seized

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.