ভোটদানৰ পিচতে গৌৰৱ গগৈৰ খুড়াক দীপ গগৈৰ প্ৰতিক্ৰিয়া - Lok Sabha Election 2024
🎬 Watch Now: Feature Video
Published : Apr 19, 2024, 6:15 PM IST
যোৰহাট,১৯ এপ্ৰিল : যোৰহাট লোকসভা সমষ্টিত পুৱাৰে পৰা ভোটগ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে । যোৰহাটত এইবাৰ বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী গৌৰৱ গগৈ আৰু বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হোৱাৰ আশা কৰিছে ৰাইজে । ইফালে ভোটদানৰ পিচতে ই টিভি ভাৰতৰ সন্মুখত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ খুড়াক তথা কলিয়াবৰৰ প্ৰাক্তন সাংসদ দীপ গগৈয়ে ।
তেওঁৰ মতে গণতান্ত্ৰিক অধিকাৰটো ৰাইজৰ অধিকাৰ । ৰাইজে এখন চৰকাৰ বচাব পাৰে এখন আনিবও পাৰে । সেয়ে ৰাইজে এই অধিকাৰ বুজা উচিত । তেওঁ যেতিয়া সাংসদ হৈ দিল্লীলৈ গৈছিল, তেতিয়া ২০০৪ চনত বাজপেয়ীকে ধৰি বিজেপিৰ জ্যেষ্ঠ নেতাসকল আছিল । কিন্তু তেতিয়া কোনেও ভবা নাছিল যে ইউ পি এ চৰকাৰ আহিব । ইফালে ভাতৃ তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ ৰাজনৈতিক ইতিহাসৰ কথা স্মৰণ কৰি তেওঁ কয় যে এই যোৰহাটৰ পৰাই তৰুণ গগৈয়ে প্ৰথমবাৰলৈ নিৰ্বাচিত হৈছিল । ভতিজাক গৌৰৱ গগৈক তেওঁ শুভেচ্ছাও জ্ঞাপন কৰাৰ লগতে ৰাইজৰো শুভেচ্ছা কামনা কৰিলে ।
লগতে পঢ়ক :তেজপুৰৰ আদৰ্শ ভোটকেন্দ্ৰ : ভোটাধিকাৰ সাব্যস্ত ঋষিৰাজ কৌণ্ডিন্য-পৃথ্বীৰাজ ৰাভাৰ - LOK SABHA POLL 2024