ধৰ্মীয় বিষয় ৰাজনীতিত ব্যৱহাৰ কৰাটো উচিত নহয়: গৌৰৱ গগৈ - Lok Sabha Election 2024 - LOK SABHA ELECTION 2024
🎬 Watch Now: Feature Video
Published : Apr 12, 2024, 6:24 PM IST
টীয়ক,১২ এপ্ৰিল : শেহতীয়াকৈ নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰীয়ে ভাষণ প্ৰসংগত গৌৰৱ গগৈয়ে কেৱল ঈদত নামাজ পঢ়ি সংখ্যালঘু সমাজক আকৰ্ষিত কৰাৰ চেষ্টা কৰে তথা কংগ্ৰেছে বিদেশী মিঞাক অগ্ৰাধিকাৰ দি আহিছে বুলি মন্তব্য কৰাৰ অভিযোগ উঠিছে । এই মন্তব্যৰ প্ৰত্যুত্তৰ দি গৌৰৱ গগৈয়ে কয় যে নিৰ্বাচনী সভাত কেৱল নিৰ্বাচনী কথা বতৰা আলোচনা হ'ব লাগে । তেওঁৰ মতে ধৰ্মীয় কথা ৰাজনীতিত ব্যৱহাৰ কৰাটো উচিত নহয় ।
গৌৰৱ গগৈয়ে অভিযোগ কৰা মতে বিজেপি দলেহে অবৈধ বাংলাদেশীক ৰক্ষণাবেক্ষণ দিবলৈ 'কা' বলবৎ কৰিছে । মুখ্যমন্ত্ৰী তথা বিজেপিক প্ৰত্যাহ্বান জনাই গৌৰৱ গগৈয়ে কয় যে আন আন ৰাজ্যৰ দৰে অসমতো 'কা' আইনক বিধানসভাৰ সিদ্ধান্ত মৰ্মে বাতিল কৰিব লাগে । তেতিয়া বিৰোধী পক্ষত থাকিলেও মুখ্যমন্ত্ৰীক গামোচা পিন্ধাব বুলিও তেওঁ উল্লেখ কৰে ।
ইফালে নিৰ্বাচনী সভাত বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ প্ৰচাৰত চৰকাৰী চাকৰিয়াল হৈয়ে তেওঁৰ পৰিয়ালৰ সদস্যই অংশগ্ৰহণ কৰা বিষয়ক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গৌৰৱ গগৈয়ে কয় যে নিৰ্বাচন আয়োগ এই বিষয়ে ইতিমধ্যে অৱগত হৈছে আৰু পৰৱৰ্তী সময়ত আয়োগে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হ'ব ।
লগতে পঢ়ক :চাবুৱাত সৰ্বানন্দ সোণোৱালে ৭০-৭৫ হাজাৰ ভোট লাভ কৰিব :মুখ্যমন্ত্ৰী - Lok Sabha Elections 2024