কুণ্ডিল নদীত উটি যোৱা চাৰিওজন কিশোৰৰ মৃতদেহ উদ্ধাৰ - Death By Drowning

By ETV Bharat Assamese Team

Published : Jul 26, 2024, 4:04 PM IST

thumbnail
গা ধুবলৈ গৈ সন্ধানহীন হোৱা চাৰিজন কিশোৰৰ মৃতদেহ উদ্ধাৰ (ETV Bharat Assam)

তিনিচুকীয়া, 26 জুলাই : কুণ্ডিল নদীত গা ধুবলৈ গৈ সন্ধানহীন হোৱা চাৰিজন কিশোৰৰ মৃতদেহ উদ্ধাৰ ৷ তিনিচুকীয়া জিলাৰ শদিয়াৰ পাগলাম গাঁৱৰ চাৰিজন ছাত্ৰ বুধবাৰে বিয়লি কুণ্ডিল নদীত গা ধুবলৈ গৈ নিখোজ হৈছিল ৷ ভাস্কৰ ভট্টৰায়, অমৃত ছেত্ৰী, বিবেক ছেত্ৰী আৰু ৰাম ভট্টৰায় নামৰ 15 বছৰীয়া কিশোৰ চাৰিজন কুণ্ডিল নদীত গা ধুই থকা অৱস্থাত নদীত ডুব যায় ৷ ইয়াৰে ভাস্কৰ ভট্টৰায় আৰু অমৃত ছেত্ৰীৰ মৃতদেহ স্থানীয় লোকে বুধবাৰে বিয়লি উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ কিন্তু নিখোজ হৈ আছিল বিবেক ছেত্ৰী আৰু ৰাম ভট্টৰায় নামৰ কিশোৰ দুজন ৷

বৃহস্পতিবাৰে পুৱাৰ পৰা এছ ডি আৰ এফে কুণ্ডিল নদীত উদ্ধাৰ অভিযান চলাইছিল যদিও বিশেষ সফলতা লাভ কৰা নাছিল ৷ কিন্তু শুকুৰবাৰে পুৱাৰে পৰা এন ডি আৰ এফ ঘটনাস্থলীত উপস্থিত হৈ অভিযান আৰম্ভ কৰে ৷ এন ডি আৰ এফে আজি কুণ্ডিল নদীৰ বুকুৰ পৰা বিবেক ছেত্ৰী আৰু ৰাম ভট্টৰায় নামৰ কিশোৰ দুজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ শদিয়াৰ পাগলাম নামৰ একেখন গাঁৱৰে চাৰিজনকৈ কিশোৰৰ এইদৰে কুণ্ডিল নদীত সমাধি হোৱা ঘটনাই সমগ্ৰ অঞ্চলতে শোকৰ ছাঁ পেলাইছে ৷ 

লগতে পঢ়ক : উদ্ধাৰ অভিযানৰ মাজতে শদিয়াত ডুব গ’ল SDRFৰ জোৱান - Drowning Incident Sadiya

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.