সুন্দৰবন নগৰ হত্যাকাণ্ডৰে জড়িত চাৰি হত্যাকাৰীক গ্ৰেপ্তাৰ - Sensational Murder In Guwahati

By ETV Bharat Assamese Team

Published : Jul 17, 2024, 7:46 PM IST

thumbnail
সুন্দৰবন নগৰ হত্যাকাণ্ডৰে জড়িত চাৰি হত্যাকাৰীক গ্ৰেপ্তাৰ (ETV Bharat Assam)

গুৱাহাটী ১৭ জুলাই: হাতীগাঁও আৰক্ষীৰ জালত পৰিল হাতীগাঁৱৰ সুন্দৰবন নগৰত সংঘটিত হত্যাকাণ্ডৰ লগত জড়িত চাৰি হত্যাকাৰী । মঙলবাৰে মহানগৰীৰ ভিন্ন প্ৰান্তত অভিযান চলাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ধৃত অপৰাধী কেইটাক । গ্ৰেপ্তাৰ হোৱা চাৰি অপৰাধী ক্ৰমে, নজৰুল হক, মুজামিল হক, ফাইজুৰ আলী আৰু ৰোহুল আলী । ধনৰ লেনদেনৰ বাবেই চৈয়দ আলীক হত্যা কৰা বুলি স্বীকাৰ কৰে ধৃত চাৰি হত্যাকাৰীয়ে ।  

আৰক্ষীয়ে জনাই যে, চৈয়দ আলীৰ পৰা হত্যাকাৰী কেইটাই পাবলগীয়া আছিল কিছু পৰিমাণৰ ধন । ১৩ জুলাইত অৰ্থাৎ হত্যাকাণ্ড সংঘটিত কৰাৰ দিনা চৈয়দ আলীৰ লগত প্ৰায় ৯৫ হাজাৰ টকা থকাৰ খবৰ লাভ কৰিছিল অপৰাধীকেইটাই । চৈয়দ আলীৰ সৈতে বৃহৎ পৰিমাণৰ ধন থকাৰ খবৰ প্ৰথমে ৰোহুল আলীয়ে পোৱাৰ পিচতে নিশা আন তিনি হত্যাকাৰীৰ সৈতে লগ হৈ গামোচা, গাৰুৰে সোপা দি মুখমণ্ডলত আঘাত কৰি হত্যা কৰে চৈয়দ আলীক । হত্যাকাণ্ড সংঘটিত কৰিয়ে চৈয়দ আলীৰ লগত থকা টকা আৰু আইফোন লৈ উধাও হয় চাৰিও । ৰোহুল আলীক জেৰা কৰাৰ পাচতেই পোহৰলৈ আহে সমগ্ৰ ৰহস্য । 

লগতে পঢ়ক: ভাড়াঘৰতেই বন্ধুৱে হত্য়া কৰিলে ব্যৱসায়ীক ! - Sensational Murder In Guwahati

দুজনী পত্নীয়েই কাল হ’ল নেকি চৈয়দ আলীৰ ! - Sensational murder in Guwahati

মহিলাসহ গ্ৰেপ্তাৰ চাৰি : ৰঘুবেন্দ্ৰ কুমাৰ গুপ্তাৰ হত্যাকাণ্ডৰ নতুন মোৰ - Sensational murder in Guwahati

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.