ওদালগুৰি জিলাৰ প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতি গঠন - Udalguri ex ULFA Committee
🎬 Watch Now: Feature Video
Published : Mar 1, 2024, 9:07 PM IST
ওদালগুৰি, 1 মাৰ্চ : ওদালগুৰিৰ টংলাত শুকুৰবাৰে প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত টংলাৰ এছ বি হোটেলত এখনি জিলা প্ৰতিনিধি সভা অনুষ্ঠিত হয় । আজিৰ প্ৰতিনিধি সভাত পুৰণা কমিটি ভংগ কৰি নতুন কমিটি গঠন কৰা হয় ৷ দুলীয়াজান অধিৱেশনত গঠন হোৱা কেন্দ্ৰীয় কমিটিৰ নিৰ্দেশ মৰ্মে প্ৰতিখন জিলাই একোখনকৈ নতুন, সুস্থ, শক্তিশালী জিলা কমিটি গঠন কৰিছে ৷
তাৰেই পৰিপ্ৰেক্ষিতত আজি ওদালগুৰিত এই প্ৰতিনিধি সভা অনুষ্ঠিত কৰা হয় ৷ প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ জিলা সভাপতি তাৰিণী ডেকা, সম্পাদক দেৱকান্ত বৰদলৈ, উপদেষ্টা বিমান কলিতাৰ উপস্থিতিত প্ৰাক্তন আলফা কেডাৰসকলৰ জীৱন সু-নিশ্চিত কৰিবলৈ, কেনেদৰে আগবাঢ়িব লাগিব, সুস্থ -সমাজ গঢ়াৰ দিশত কেনেদৰে ভূমিকা গ্ৰহণ কৰিব সেই সন্দৰ্ভত আলোচনা কৰা হয় । পৰৱৰ্তী সময়ত পুৰণি কমিটি ভংগ কৰি নৰেন্দ্ৰ ডেকাক সাধাৰণ সম্পাদক, দেৱকান্ত বৰদলৈক উপ-সভাপতি হিচাপে নিৰ্বাচিত কৰি ২১ জনীয়া কমিটি গঠন কৰা হয় ।
লগতে পঢ়ক : অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত অত্যাধুনিক হ'ব টংলা ৰে'ল ষ্টেচন