কলিয়াবৰত অমৃত বৃক্ষ আন্দোলনৰ বাবে চাৰি লাখ গছপুলিৰে সাজু বন বিভাগ - Amrit Brikshya Andolan 2024

By ETV Bharat Assamese Team

Published : Aug 1, 2024, 8:43 PM IST

thumbnail
কলিয়াবৰত অমৃত বৃক্ষ আন্দোলন (ETV Bharat Assam)

কলিয়াবৰ,১ আগষ্ট: 'এজুপি গছ মাৰ নামত’– এই বাণীৰে ৰাজ্য চৰকাৰৰ উদ্যোগত তথা পৰিৱেশ আৰু বন বিভাগৰ সহযোগত আজিৰে পৰা পষেকজোৰা কাৰ্যসূচীৰে ৰাজ্যত আৰম্ভ হৈছে অমৃত বৃক্ষ আন্দোলন । এই আন্দোলনৰ জৰিয়তে ৰাজ্যৰ ভিন্ন প্ৰান্তত ৰোপণ কৰা হ’ব বাণিজ্যিকভাৱে উপযোগী তিনি কোটি গছপুলি । বৃক্ষ অৰ্থনীতি সম্প্ৰাসাৰণক মূল লক্ষ্য হিচাপে লৈ এই কাৰ্যসূচী হাতত লৈছে অসম চৰকাৰে । ইয়াৰ লক্ষ্য হৈছে বাণিজ্যিক গছপুলি ৰোপণত নাগৰিকক জড়িত কৰোৱাৰ এক গণ আন্দোলন গঢ়ি তোলা ।  

ৰাজ্যৰ সেউজ আৱৰণ বৃদ্ধি, বহনক্ষম উন্নয়নৰ গতি দ্ৰুতকৰণ, সেউজ অৰ্থনীতি আৰু কৃষি বনানীকৰণ ক্ষেত্ৰৰ উন্নয়ন সাধনৰ লক্ষ্যৰে আৰম্ভ এই অমৃত বৃক্ষ আন্দোলন । অমৃত বৃক্ষ আন্দোলনে কলিয়াবৰতো লাভ কৰিছে গতি । নগাঁও বন সংমণ্ডলৰ অধীনৰ শালনাস্থিত পশ্চিম বনাঞ্চলিক কাৰ্যালয়ৰ অধীনত কলিয়াবৰত চাৰি লাখ গছপুলি ৰোপণ কৰা হ'ব । জামু, মেহগণি, শিলিখা, আমলখি, খৈয়াৰৰ গছপুলি আদি গাঁও পঞ্চায়তৰ অন্তৰ্গত আত্মসহায়ক গোটৰ জৰিয়তে ১৫ আগষ্টৰ ভিতৰত ৰোপণ সম্পূৰ্ণ কৰিব । ইতিমধ্যে¸লক্ষাধিক গছপুলি আনি মজুত কৰি ৰাখিছে খণ্ড বন বিষয়াৰ কাৰ্যালয়, জখলাবন্ধাৰ চৌহদত । 

লগতে পঢ়ক: জধে-মধে গছ কটা বন্ধ নহ’লেও অমৃত বৃক্ষ আন্দোলন কৰিবই চৰকাৰে: তিনিচুকীয়াত সাজু 32 লাখ গছপুলি - AMRIT BRIKSHYA ANDOLAN 2

তিনি কোটি গছপুলি ৰোপণৰ লক্ষ্যৰে আজিৰে পৰা আৰম্ভ দ্বিতীয় পৰ্যায়ৰ অমৃত বৃক্ষ আন্দোলন - AMRIT BRIKSHYA ANDOLAN 2

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.