অভয়াপুৰীত ভয়ংকৰ অগ্নিকাণ্ডত ছাই হ'ল পাঁচ লক্ষাধিক টকাৰ সম্পত্তি - অভয়াপুৰীত ভয়ংকৰ অগ্নিকাণ্ড
🎬 Watch Now: Feature Video


Published : Jan 29, 2024, 7:17 PM IST
বঙাইগাঁও, 29 জানুৱাৰী : বঙাইগাঁও জিলাৰ অভয়াপুৰীত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে ৷ অভয়াপুৰীৰ বোৱালীমাৰী গাঁৱত এই বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা হৈছে । বোৱালীমাৰী গাঁৱৰ লুৎফৰ ৰহমানৰ বাসগৃহত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে । এই অগ্নিকাণ্ডত এটি গৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হয় ৷ ইয়াৰোপৰি বাসগৃহটোত থকা প্ৰায় পাঁচ লক্ষাধিক টকাৰ ক্ষয়-ক্ষতি লগতে গুৰুত্বপূৰ্ণ নথি-পত্ৰ এই অগ্নিকাণ্ডত জাহ যায় বুলি ঘৰটোৰ গৰাকীয়ে জানিবলৈ দিছে ।
এই অগ্নিকাণ্ডৰ সময়ছোৱাত বাসগৃহটোত পৰিয়ালৰ কোনো লোক উপস্থিত নাছিল । বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ডটো সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ স্থানীয় ৰাইজৰ ৷ লগে লগে অগ্নিনিৰ্বাপক বাহিনীৰ বাহন ঘটনাস্থলীত উপস্থিত হয় আৰু জুই নিৰ্বাপন কৰে ৷ যদিও অগ্নিনিৰ্বাপন কৰালৈ বাসগৃহটো জ্বলি ছাই হৈ যায় ৷
লগতে পঢ়ক: বহৰি ব্ৰহ্মপুত্ৰ পাৰঘাটত লেচীৰ দপদপনি, জীৱন-মৰণেৰে যুঁজি পাৰাপাৰ হৈছে যাত্ৰীয়ে