মৰিগাঁৱত জালনোট, মেচিনসহ কৰায়ত্ত দুই - আৰক্ষী বিষয়া মুক্তাব আলী বৰা
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/28-02-2024/640-480-20862613-thumbnail-16x9-dilli.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Feb 28, 2024, 7:24 PM IST
মৰিগাঁও, 28 ফেব্ৰুৱাৰী : মধ্য অসমত জালনোট বিৰোধী অভিযান অব্যাহত আছে আৰক্ষীৰ ৷ মঙলবাৰে মৰিগাঁও জিলাৰ ভেলৌগুৰি আৰক্ষীয়ে এক অভিযান চলাই জালনোট সহ এটা মেচিন আৰু দুজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ এক গোপন সূত্ৰৰ পম খেদি মৰিগাঁও জিলাৰ ভেলৌগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মুক্তাব আলী বৰাৰ নেতৃত্বত হাঁহচৰা গাঁৱত চলিছিল এই অভিযান ৷ ধৃত লোকদ্বয় ক্ৰমে ছাবিৰুল ইছলাম আৰু ৰাজিকুল আলী বুলি জানিব পৰা গৈছে ৷ শোণিতপুৰ জিলাৰ বৈতামাৰী আৰু জামুগুৰি গাঁৱত ঘৰ দুই লোকৰ ৷
আৰক্ষীৰ দলটোৱে ধৃত লোকদ্বয়ৰ পৰা এটা নকল টকাৰ মেচিন, কিছু নকল টকা, দুটা মোবাইল ফোন আৰু কিছু অবৈধ নথি-পত্ৰ জব্দ কৰিছে বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে লোক দুজনক গ্ৰেপ্তাৰ কৰি মৰিগাঁৱলৈ প্ৰেৰণ কৰিছে ভেলৌগুৰি আৰক্ষীয়ে।
লগতে পঢ়ক: চেলেংহাটত ভয়াৱহ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা ৰাজধানী এক্সপ্ৰেছ