নকল সোণ বেপাৰীৰ আক্রমণত আহত বহিঃৰাজ্যৰ লোক, গ্ৰেপ্তাৰ তিনি - Fake Gold Smuggler Arrested

By ETV Bharat Assamese Team

Published : Aug 27, 2024, 7:25 AM IST

thumbnail
তিনি নকল সোণ বেপাৰী (ETV Bharat Assam)

লখিমপুৰ, ২৭ আগষ্ট: লখিমপুৰ জিলাৰ নাওবৈচাৰ পানধোৱাত সংঘটিত হৈছে এক ভয়ংকৰ কাণ্ড । উত্তৰ প্ৰদেশৰ এজন লোকক নকল সোণ বেপাৰী চক্ৰই মাৰপিট কৰি কাঢ়ি নিলে ধন । উত্থাপিত অভিযোগ অনুসৰি এই চক্ৰটোৱে নকল সোণ দিয়াৰ প্ৰলোভনেৰে মাতি আনিছিল উত্তৰ প্ৰদেশৰ দেওবন্দৰ লোকজনক । সোমবাৰে নাওবৈচাৰ পানধোৱাত লোকজনক আবদ্ধ কৰি মাৰপিট কৰাৰ লগতে লোকজনৰ একাউণ্টৰ পৰা দুই লাখ টকা আৰু নগদ ২০ হেজাৰ টকা কাঢ়ি নিয়ে ।  

এই লোকজনৰ মোবাইল ফোনো কাঢ়ি লোৱাৰ চেষ্টা চলায় পাঁচ নকল সোণ বেপাৰীয়ে । সেই সময়ত লোকজনে চিঞৰ-বাখৰ কৰাত স্থানীয় লোকে আটক কৰে তিনি যুৱকক । ধৃত পানধোৱাৰ ৰশ্বিদুল ফৰাজী, আশ্বৰাফুল ইছলাম আৰু আবজালুৰ ৰহমানক ৰাইজে পিচত গতাই দিয়ে আৰক্ষীক ।ইপিনে, এই ঘটনাত জড়িত লালুকৰ ইছলামপুৰৰ জমিৰ খান আৰু ৰাজিবুল ইছলাম সম্প্ৰতি পলাতক অৱস্থাত আছে ।

লগতে পঢ়ক:নকল সোণ সৰবৰাহকাৰীৰ জালত মহাৰাষ্ট্ৰৰ নাগপুৰৰ এজন - Fake gold smuggler arrested

লখিমপুৰত পুনৰ নকল সোণৰ নাওসহ গ্ৰেপ্তাৰ দুই - FAKE GOLD SEIZED IN LAKHIMPUR

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.