গ্ৰাহকক সৰিয়হ ফুল দেখুৱাইছে APDCL এ - Excessive electricity bill

🎬 Watch Now: Feature Video

thumbnail

গোলাঘাট,৯ আগষ্ট: অসম শক্তি বিতৰণ কোম্পানীৰ আৰ্শীবাদত এতিয়া কেৱল বিদ্যুতৰ বিল পৰিশোধ কৰিবলৈকে ৰাইজে প্ৰচুৰ ধন উপাৰ্জন কৰিব লগা পৰিস্থিতিৰ উদ্ভৱ হৈছে । আপুনি জানি আচৰিত হ'ব যে, মেৰাপানীৰ এটা পৰিয়াললৈ এমাহৰ বিদ্যুৎ বিল আহিছে সৰ্বমুঠ ৪,২৬,১৪২ টকা । মেৰাপানী টাউনৰ পোৱাল বৰা নামৰ ব্যক্তিজনৰ মালিকানাধীন চাৰিখন ক্ষুদ্ৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ বাবে এটা ব্যৱসায়িক বিদ্যুৎ সংযোগ আছিল । ১৮১০০০০৪০৪৬২ নম্বৰৰ বিদ্যুৎ সংযোগৰ বিনিময়ত বিগত সময়ছোৱাত নিয়াৰিকৈ চলি আছিল বিদ্যুৎ সেৱা ।  

বিগত মাহত সংযোগটোৰ বিনিময়ত বিদ্যুৎ বিভাগে প্ৰেৰণ কৰা ১,৫৭০ টকা সময়মতে পৰিশোধ কৰিছিল প্ৰতিস্থান কেইটাই । কিন্তু শক্তি বিভাগে চলিত মাহৰ প্ৰেৰণ কৰা শেহতীয়া বিদ্যুতৰ বিলখন প্ৰতক্ষ্য কৰি হতভম্ব হৈ পৰে গৰাকী পোৱাল বৰাৰ লগতে ব্যৱসায়ীসকল । দুটাকৈ বাল্ব আৰু এখনকৈ ফেন চলাই এটা মাহত কেনেকৈ চাৰি লক্ষাধিক টকাৰ বিদ্যুতৰ বিল আহিল তাক লৈ এতিয়া চিন্তিত হৈ পৰিছে ব্যৱহাৰকাৰীসকল । আনহে নালাগে পৰ্বতসম বিদ্যুতৰ বিল দেখি ভয়-শংকাতে শুকুৰবাৰে ব্যৱসায়িক প্ৰতিস্থান বন্ধ ৰাখে অলংকাৰ নিৰ্মাণ কৰা প্ৰতিস্থান কেইটাই । 

লগতে পঢ়ক: স্মাৰ্ট মিটাৰ স্থাপন কৰি লুণ্ঠন চলাইছে বিদ্যুৎ বিভাগে: প্ৰতিবাদকাৰী - Protest against smart meters

গৌৰীসাগৰত প্ৰি প্ৰেইড স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে কৃষক মুক্তিৰ প্ৰতিবাদ - Protest against smart meters

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.