ধেমাজি জিলা আয়ুক্তৰ কাৰ্যালয়ত EVM প্ৰদৰ্শন, ভোটাৰক লৈ সজাগতা - Lok Sabha election 2024
🎬 Watch Now: Feature Video


Published : Feb 2, 2024, 9:02 PM IST
ধেমাজি, 2 ফেব্ৰুৱাৰী : সমাগত লোকসভা নিৰ্বাচন 2024 ৷ আকৌ আহিছে ৰজা ভঙা পতাৰ খেল ৷ ৰাজ্যত এইবেলি প্ৰাক ৰঙালীত নিৰ্বাচনী গৰম বতাহ ৷ ইতিমধ্যে নিৰ্বাচনৰ বাবে সাজু হৈছে শাসক-বিৰোধী দলসমূহ ৷ দলসমূহে নিজ নিজ নীতি কৌশলেৰে ৰাইজৰ কাষলৈ গৈ নিৰ্বাচনত জয় নিশ্চিত কৰিবলৈ উঠি পৰি লাগিছে ৷ ইয়াৰ সমান্তৰালকৈ পূৰ্ণগতিত প্ৰস্তুতি চলিছে ৰাজ্যৰ প্ৰশাসনৰ নিৰ্বাচনী বিভাগসমূহৰ ৷
ইয়াৰ মাজতে নিৰ্বাচনৰ বাবে সৰৱ হৈছে ধেমাজি জিলা প্ৰশাসনো ৷ ধেমাজি জিলা নিৰ্বাচনী কাৰ্যালয়ৰ নিৰ্বাচনী বিষয়াই ভোটাৰ ৰাইজক ইভিএমত নিজৰ ভোটাধিকাৰ নিয়মমতে সাব্যস্ত কৰাৰ বাবে জিলা আয়ুক্ত কাৰ্যালয়ত 1 ফ্ৰেব্ৰুৱাৰীৰ পৰা ইভিএম প্ৰদৰ্শন কেন্দ্ৰ স্থাপন কৰিছে ৷ জনসাধাৰণক সজাগ কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি নিৰ্বাচনী কাৰ্যালয়ৰ বিষয়াসকলে জানিবলৈ দিছে ৷
লগতে পঢ়ক: নিখিল বড়ো ছাত্ৰ সন্থাৰ ৫৬ সংখ্যক কেন্দ্ৰীয় অভিৱৰ্তন