ভাৰতমালাৰ পথ নিৰ্মাণৰ বাবে কাছাৰৰ ৰংপুৰত উচ্ছেদ অভিযান - Eviction drive

By ETV Bharat Assamese Team

Published : Sep 9, 2024, 10:33 PM IST

thumbnail
ৰংপুৰত প্ৰশাসনৰ উচ্ছেদ অভিযান (ETV Bharat)

শিলচৰ, 9 ছেপ্টেম্বৰ: কাছাৰৰ ৰংপুৰত প্ৰশাসনৰ উচ্ছেদ অভিযান ৷ ভাৰতমালা প্ৰকল্পৰ পথৰ নিৰ্মাণৰ বাবে কাছাৰ জিলা প্ৰশাসনে এই উচ্ছেদ অভিযান চলাই সোমবাৰে ৷ কোনো জাননী নিদিয়াকৈ প্ৰশাসনে উচ্ছেদ চলোৱাৰ অভিযোগ ৰাইজৰ ৷ ভাৰতমালা প্ৰকল্পৰ অধীনত শিলচৰৰ পৰা মণিপুৰলৈকে নতুনকৈ নিৰ্মাণ হ’ব চাৰিলেনযুক্ত পথ ৷ নতুন এই পথ নিৰ্মাণৰ বাবে ইতিমধ্যে ভূমি অধিগ্ৰহণৰ কাম সমাপ্ত কৰিছে প্ৰশাসনে ৷ ক্ষতিপূৰণ হিচাপে ভূমিৰ মালিকক দিয়া হৈছে ভূমিসহ ঘৰ-বাৰীৰ মূল্য  ৷  

ইয়াৰ মাজতে শিলচৰ-মণিপুৰ সংযোগী পুৰণি পথৰ কাষত দীৰ্ঘদিনৰ পৰা চৰকাৰী ভূমি দখল কৰি বসবাস কৰা একাংশ লোকৰ ঘৰ সোমবাৰে উচ্ছেদ কৰে প্ৰশাসনে ৷ কেইবাখনো বুলড’জাৰ তথা আৰক্ষী আৰু চি আৰ পি এফৰ বিশাল বাহিনী লগত লৈ অভিযানত নামে প্ৰশাসন ৷ বুলড’জাৰেৰে ইখনৰ পাছত সিখন ঘৰ ভাঙি পেলোৱাত উচ্ছেদস্থলীত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷

প্ৰশাসনে কোনো জাননী নিদিয়াকৈ উচ্ছেদ চলোৱাৰ অভিযোগ উত্থাপন কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে উচ্ছেদিত লোকসকলে ৷ তেওঁলোকৰ অভিযোগ- উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰি প্ৰশাসনে এই উচ্ছেদ অভিযান চলাইছে ৷ কোনো জাননী নিদিয়াকৈ কেনেকৈ প্ৰশাসনে উচ্ছেদ চলাব পাৰে বুলি প্ৰশ্ন কৰে উচ্ছেদিত লোকসকলে ৷ 

লগতে তেওঁলোকে কয় যে চৰকাৰী ভূমি তেওঁলোকে এৰি দিব, কিন্তু ভূমিত থকা ঘৰৰ ক্ষতিপূৰণ দিব লাগে চৰকাৰে ৷ তেওঁলোকে হুংকাৰ প্ৰদান কৰি কয় যে যেতিয়ালৈকে তেওঁলোকক বিকল্প ব্যৱস্থা কৰি দিয়া নহয়, তেতিয়ালৈকে তেওঁলোকে ভূমি এৰি নিদিয়ে ৷ লাগিলে প্ৰাণ বিসৰ্জন দিব বুলিও হুংকাৰ প্ৰদান কৰে উচ্ছেদিত লোকসকলে ৷

লগতে পঢ়ক: উচ্ছেদৰ বিৰুদ্ধে মাৰ্ঘেৰিটাৰ ক'ল ইণ্ডিয়াৰ মুখ্য কাৰ্যালয়ত গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰতিবাদ - Coal India

মেৰাপানীত বেদখলৰ বিৰুদ্ধে গোলাঘাট জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান - eviction drive in Golaghat

লংকাত ৰে’ল বিভাগৰ উচ্ছেদ অভিযান - Railway land encroachment

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.