thumbnail

By ETV Bharat Assamese Team

Published : Apr 3, 2024, 5:53 PM IST

ETV Bharat / Videos

নিৰ্বাচন আহিলেই প্ৰাসংগিক হৈ পৰে ৰাজীৱ শদিয়াৰ এটা বিশেষ গীত - rajib sadiya bihu song

তিনিচুকীয়া, ৩ এপ্ৰিল : সমাগত লোকসভাৰ নিৰ্বাচন আৰু নিৰ্বাচনৰ পূৰ্বেই আহি আছে অসমীয়া জাতিৰ আয়ুস ৰেখা বহাগৰ বিহুও ৷ তেনে সময়তেই প্ৰাসংগিক হৈ উঠিছে এটি গীত ৷ গীতটি পুৰণা হ’লেও প্ৰতিটো নিৰ্বাচনৰ প্ৰাকক্ষণত যেন নতুন ৰূপ পাই জীৱন্ত হৈ উঠে একেটি গীতেই । নিৰ্বাচনৰ পূৰ্বে গীতটিয়ে চুই যায় সাধাৰণ জনতাৰ মন-মগজু ।

তিনিচুকীয়াৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰাজীৱ শদিয়াৰ “আকৌ নিৰ্বাচন” শীৰ্ষক গীতটিয়ে লাভ কৰিছে যথেষ্ট সমাদৰ ৷ গীতটিয়ে নিৰ্বাচনৰ আগত আৰু নিৰ্বাচনৰ পাচৰ কিছু তুলনাত্মক সাম্প্ৰতিক পৰিৱেশ-পৰিস্থিতিৰ ওপৰত এক বিৱৰণ দাঙি ধৰিছে যিটো কাৰণে গীতটিৱে ইতিমধ্যে ৰাজ্যবাসীৰ পৰা লাভ কৰিছে বিপুল সমাদৰ ৷ ইয়াৰ সমান্তৰালকৈ “দিনত হ’লে মুৰ্দাবাদ ৰাতি হ’লে জিন্দাবাদ”, “কৰিব লাগে কি, কৰি আছোঁ কি” ইত্যাদি বহুকেইটা জনপ্ৰিয় গীত লৈ এইবাৰ বিহুৰ মঞ্চত ৰাইজৰ মৰম বুটলিবলৈ ইতিমধ্যে সাজু হৈছে ৰাজীৱ শদিয়া ৷

উল্লেখ্য যে, তিনিচুকীয়াৰ জনপ্ৰিয় সংগীত শিল্পী ৰাজীৱ শদিয়াই নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীৰে ৰাজ্যজুৰি সাব্যস্ত কৰা তীব্ৰ আন্দোলনৰ সময়ত সংগীতৰ জৰিয়তে ৰাজ্যখনৰ বিভিন্ন ৰাজহুৱা অনুষ্ঠানত আন্দোলন গঢ়ি তুলিছিল ৷ তেতিয়াৰ পৰা জনপ্ৰিয় সংগীত শিল্পীগৰাকী নিজৰ স্থিতিত অটল আছে যদিও একাংশ সংগীতশিল্পী, দল-সংগঠনৰ নেতাই বিভিন্ন ৰাজনৈতিক দলত যোগদান কৰি লুটিবাগৰ মাৰিলে ৷ তাকে লৈ পৰিস্থিতিৰ সৈতে মিলাই কেইবাটাও গীত গাইছিল ৰাজীৱ শদিয়াই আৰু সেই গীতেই এতিয়া পুনৰ নিৰ্বাচনৰ সময়ত সৃষ্টি কৰিছে খলকনিৰ ৷

লগতে পঢ়ক : বিহুৰ বাবে কেনেদৰে সাজু হৈছে কণ্ঠশিল্পী ৰূপম ভূঞা? - Musician Rupam Bhuyan Interview

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.