প্ৰতিকূল বতৰকো নেওচি যোৰহাটৰ পূজাথলীত ৰাইজৰ ব্যাপক সমাগম - DURGA PUJA 2024

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Oct 11, 2024, 8:35 AM IST

যোৰহাট, 11 অক্টোবৰ: সপ্তমী পূজাৰ পাচত বৃহস্পতিবাৰে সন্ধিয়াৰ পৰা আৰম্ভ অষ্টমী পূজা । দেৱী বন্দনাৰে মুখৰিত হৈছে ৰাজ্যৰ পূজা মণ্ডপমসূহ ৷ ৰাইজৰ মনত উৎসৱৰ অপাৰ আনন্দ ৷ হিন্দু ধৰ্মৰ সৰ্ববৃহৎ উপাসনা স্থলী হিচাপে পৰিচিত দিল্লীৰ অক্ষধাম মন্দিৰৰ আৰ্হিত যোৰহাটৰ ৰে’লৱে পূজা স্থলীত নিৰ্মাণ কৰা হৈছে পূজা মণ্ডপ ৷ নিশা আলোকসজ্জাৰে সু-সজ্জিত মণ্ডপত দেৱী দুৰ্গাৰ আশিস গ্ৰহণ কৰিবলৈ ভক্তপ্ৰাণ ৰাইজে ভিৰ কৰা পৰিলক্ষিত হয় ৷ 

প্ৰতিকূল বতৰকো নেওচি ৰাইজে যোৰহাট নগৰৰ পূজা মণ্ডপসমূহত উপস্থিত হৈ দেৱী দুৰ্গাক দৰ্শন কৰিছে । যোৰহাট বিভিন্ন পূজাস্থলীসমূহৰ ভিতৰত অক্ষধাম মন্দিৰৰ আৰ্হিত নিৰ্মাণ কৰা পূজা মণ্ডপে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে । উল্লেখ্য যে অষ্টমী নিশা যোৰহাটৰ বিভিন্ন প্ৰান্তৰ পূজা মণ্ডপত যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে আৰক্ষী, অৰ্ধসামৰিক বাহিনী নিয়োগ কৰা হৈছে আৰু ইয়াৰ সমান্তৰালভাৱে দেৰগাঁৱৰ লাচিত বৰফুকন একাডেমীত প্ৰশিক্ষণৰত মণিপুৰ আৰক্ষীৰ জোৱানকো মতায়েন কৰা হৈছে ৷ 

লগতে পঢ়ক: মণ্ডপে মণ্ডপে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা, দুদিনত দুকুৰি

নষ্টালজিক হ'ব খোজে যদি আহক এইখন পূজা মণ্ডপলৈ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.