ড্ৰাগছৰ গোচৰত অভিযুক্তক কাৰাদণ্ড - Anti drug operation
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/07-03-2024/640-480-20923603-thumbnail-16x9-kmg-aspera.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Mar 7, 2024, 12:09 PM IST
কৰিমগঞ্জ,৭ মাৰ্চ: ৰাজ্যজুৰি অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান । প্ৰায় প্ৰতিদিনেই গ্ৰেপ্তাৰ হৈছে ড্ৰাগছ সৰবৰাহকাৰী, জব্দ হৈছে বৃহৎ বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী । ইয়াৰ মাজতে কৰিমঞ্জত জিলা ন্যায়ধীশৰ আদালতে কঠোৰ দণ্ড বিহিলে এটা ড্ৰাগছ সৰবৰাহকাৰীক । জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতে কৰিমগঞ্জত ড্ৰাগছ গোচৰত অভিযুক্তক ১০ বছৰৰ কঠোৰ কাৰাদণ্ড আৰু ১ লাখ টকা জৰিমনা বিহাৰ নিৰ্দেশ দিয়ে ।
জানিব পৰা মতে ২০২২ চনৰ ছেপ্টেম্বৰ মাহত কৰিমগঞ্জ চহৰৰ সমীপৰ ভাৰত-বাংলা সীমান্তৰ সমীপৰ জাবাইনপুৰ অঞ্চলত বি এছ এফ আৰু কৰিমগঞ্জ আৰক্ষীয়ে যৌথভাবে অভিযান চলাই কামৰুল উদ্দিন নামৰ এটা ড্ৰাগছ সৰবৰাহকাৰীক ২০ হাজাৰ ইয়াবা টেবলেটসহ গ্ৰেপ্তাৰ কৰিছিল । কৰিমগঞ্জ জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতে এই ড্ৰাগছ অভিযুক্তক ১০ বছৰৰ কঠোৰ কাৰাদণ্ড আৰু এক লাখ টকাৰ জৰিমনা বিহে ।
লগতে পঢ়ক: গুৱাহাটী-ৰঙিয়া-শোণিতপুৰত অপৰাধ অব্য়াহত: আৰক্ষীৰ জালত কেবাটাও অপৰাধী