লোকাৰণ্য অগ্নিশালা দৌল মহোৎসৱস্থলী - Doul Mahotsav in Nalbari - DOUL MAHOTSAV IN NALBARI
🎬 Watch Now: Feature Video
Published : Mar 26, 2024, 10:55 PM IST
নলবাৰী,২৬ মাৰ্চ: চৌদিশে আবিৰৰ উছৱৰ উচাহ । ৰঙ-আধ্যাত্মিকতাৰে পৰিস্ফুত হৈছে ৰাজ্যৰ চৌদিশ । পৰম্পৰাগত ৰীতি-নীতি মানি ৰাজ্যৰ বিভিন্ন সত্ৰপীঠ, নামঘৰ আদিত অনুষ্ঠিত কৰা হৈছে দৌল উৎসৱ বা দেউল । ব্যতিক্ৰম নহয় নলবাৰী । প্ৰভু শ্ৰী শ্যামৰায় দৌল মহোৎসৱক লৈ উখল-মাখল হৈ পৰিছে নলবাৰীৰ বিভিন্ন প্ৰান্ত । বৰপেটাৰ দৌল মহোৎসৱৰ পিচতে চৰ্চালৈ আহে নলবাৰীৰ দৌল উৎসৱৰ কথা ।
দৌল উৎসৱ উপলক্ষে নলবাৰীতো লোকাৰণ্য হৈ পৰিছে দৌল মহোৎসৱস্থলীসমূহত । নলবাৰীৰ ঐতিহাসিক বাঁহজানী অগ্নিশালা দৌল মহোৎসৱৰ আজি তৃতীয় দিনাও সমাগম হয় হাজাৰ হাজাৰ লোকৰ । বিৰ দি বাট নোপোৱা পৰিৱেশ নলবাৰীৰ বাঁহজানী অগ্নিশালাত । উল্লেখযোগ্য যে অগ্নিশালা দৌল মহোৎসৱ এইবাৰ চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে আৰু আজি অৰ্থাৎ মঙলবাৰে তৃতীয় দিন । তৃতীয়টো দিনতো অগনন ভক্তৰ সমাৱেশ ঘটিছে এই পবিত্ৰ দৌল মহোৎসৱস্থলীলৈ ।
লগতে পঢ়ক: নিতাল পৰিল বৰপেটা সত্ৰ - Doul Utsav 2024