গৌৰৱ গগৈয়ে কিয় পালে 'এডভানটেজ' ? দিলীপ শইকীয়াৰ প্ৰতিক্ৰিয়া - Lok Sabha Election results 2024

By ETV Bharat Assamese Team

Published : Jun 4, 2024, 4:16 PM IST

thumbnail
গৌৰৱ গগৈয়ে কিয় পালে 'এডভানটেজ' ? দিলীপ শইকীয়াৰ প্ৰতিক্ৰিয়া (ETV Bharat)

ৰঙিয়া,৪ জুন : সমগ্ৰ দেশৰ লগতে অসমৰো প্ৰতি লোকসভা সমষ্টিত ভোটগণনা অব্যাহত আছে । অসমৰ বেছি সংখ্যক আসনতে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীসকল আগবাঢ়ি আছে । দৰং-ওদালগুৰি সমষ্টিটো বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দিলীপ শইকীয়াই অগ্ৰগতি লাভ কৰিছে । ভোটগণনা চলি থকাৰ মাজতে ৰঙিয়াত ভোটগণনা কেন্দ্ৰত উপস্থিত বিজেপি প্ৰাৰ্থীগৰাকী । অসমৰ নিৰ্বাচনী ফলাফলৰ প্ৰৱণতা সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে প্ৰাৰ্থীগৰাকীয়ে ।

লগতে পঢ়ক :মৰিগাঁৱত কংগ্ৰেছক পিচ পেলাই বিজেপিৰ অগ্ৰগতি - LOK SABHA ELECTION RESULTS 2024

যোৰহাট সমষ্টিত গৌৰৱ গগৈৰ অগ্ৰগতি সন্দৰ্ভতো মন্তব্য কৰে দিলীপ শইকীয়াই । সংসদত ভাষণ দিব পৰা ক্ষমতা লগতে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ হোৱাৰ বাবেই গৌৰৱ গগৈয়ে 'এডভানটেজ' পাইছে বুলি তেওঁ উল্লেখ কৰে । অৱশ্যে কেৱল ভাষণ দিব পাৰিলেই নহ'ব বুলিও তেওঁ উল্লেখ কৰে । ইফালে দৰং-ওদালগুৰি সমষ্টিৰ ৰাইজে তেওঁক দিয়া সমৰ্থনৰ বাবে তেওঁ ধন্যবাদো জ্ঞাপন কৰে । দিলীপ শইকীয়াৰ মতে তেওঁলোকে ভবা ধৰণেই ফলাফল লাভ কৰিব ।

লোকসভা নিৰ্বাচনৰ ফলাফলৰ অধিক বা-বাতৰিৰ বাবে ক্লিক কৰক :

https://www.etvbharat.com/en/!elections/election-2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.