হাৰিয়ানাৰ নিৰ্বাচনৰ পিচতে অসমৰ মুখ্যমন্ত্ৰী সলনি হ'ব; কিয় ক'লে ৰকিবুল হুছেইনে ? - Dhubri MP Rakibul Hussain

By ETV Bharat Assamese Team

Published : Aug 31, 2024, 7:12 AM IST

thumbnail
হাৰিয়ানাৰ নিৰ্বাচনৰ পিচতে অসমৰ মুখ্যমন্ত্ৰী সলনি হ'ব (ETV Bharat)

নলবাৰী, ৩১ আগষ্ট : "আমি হিমন্ত বিশ্ব শৰ্মাৰ জালত ভৰি নিদিও । মুখ্যমন্ত্ৰীয়ে ইয়াক হট টপিক বনাব খুজিছে । কিন্তু স্মাৰ্ট মিটাৰৰ বাবে গাঁৱৰ মানুহৰ সমস্যা হৈছে সেইটোহে হট টপিক ।" বিধানসভাত নামাজৰ বিৰতিৰ বিলুপ্তিকৰণ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে নলবাৰীত এই মন্তব্য কৰে । তেওঁ প্ৰশ্ন কৰে ইয়াৰ দ্বাৰা অসমৰ দুখীয়া ৰাইজৰ ৰাস্তা-ঘাটৰ, বান সমস্যা সমাধান হ'ব নেকি ? সাংসদগৰাকীৰ মতে স্মাৰ্ট মিটাৰ, পথৰ দুৰৱস্থা, ৬ জনগোষ্ঠীক জনজাতিকৰণ আদি বিষয় তল পেলাবলৈ মুখ্যমন্ত্ৰীয়ে এই ধৰণৰ মন্তব্য কৰি সাম্প্ৰদায়িক ৰাজনীতিত ভৰি দিছে ।

ৰকিবুল হুছেইনে লগতে দাবী কৰে যে হাৰিয়ানাৰ নিৰ্বাচনৰ পিচতে অসমৰ মুখ্যমন্ত্ৰী সলনি হ'ব । জনজাতীয় লোকসকলক প্ৰবঞ্চনা কৰি ড৹ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈছিল বুলিও তেওঁ গুৰুত্বৰ অভিযোগ উত্থাপন কৰে । ইফালে বৰ্তমান সামগ্ৰিক ৰাজনীতিৰ প্ৰেক্ষাপটত সংবিধান প্ৰদত্ত মৌলিক অধিকাৰ খৰ্ব কৰিব বিচৰা হৈছে বুলি অভিযোগ কৰে ৰকিবুল হুছেইনে ।

নলবাৰীত অনুষ্ঠিত যুৱ কংগ্ৰেছৰ সন্মিলন অনুষ্ঠানত উপস্থিত থাকি সংবাদ মাধ্যমৰ সন্মুখত অসমৰ মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা কৰে সাংসদ ৰকিবুল হুছেইনে । অসমৰ ৰাইজক প্ৰবঞ্চনা কৰিবলৈ মুখ্যমন্ত্ৰীৰ কোনো বিষয় নোহোৱা হৈছে বুলিও তেওঁ অভিযোগ কৰে ।

লগতে পঢ়ক :বিধানসভাক মুখ্যমন্ত্রীয়ে নিৰ্বাচন জয়ৰ বাবে এখন ক্ষেত্র হিচাপে লৈছে : ভূপেন বৰা - APCC president Bhupen Bora

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.