মাঘী পূৰ্ণিমা উপলক্ষে তেজপুৰৰ ঐতিহাসিক বৰনামঘৰত ভাগৱত পাঠ
🎬 Watch Now: Feature Video
তেজপুৰ, ২৪ ফেব্ৰুৱাৰী: আজি মাঘী পূৰ্ণিমা । ৰাজ্যৰ প্ৰতিটো নামঘৰ, দেৱালয়ত এই পবিত্ৰ পূৰ্ণিমা তিথি উপলক্ষে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে । সমান্তৰালকৈ ভক্তসকলৰো যথেষ্ট ভিৰ পৰিলক্ষিত হৈছে । ব্যতিক্ৰম নহয় তেজপুৰ চহৰৰ বিভিন্ন মঠ-মন্দিৰ, দেৱালয় আৰু নামঘৰসমূহ । কোনো স্থানত যদি পূজা অৰ্চনা চলিছে আন কোনো স্থানত আকৌ অখণ্ড ভাগৱত পাঠ ।
তেজপুৰৰ মাজগাঁও বৰনামঘৰতো পুৱাৰে পৰা নাম প্ৰসংগ আৰম্ভ হৈছে । লগতে দুপৰীয়াৰে পৰা অখণ্ড ভাগৱত পাঠ আৰম্ভ হৈছে । প্ৰায় ২০০ বছৰীয়া ঐতিহাসিক এই নামঘৰত অনুষ্ঠিত নাম প্ৰসংগ আৰু ভাগৱত পাঠলৈ ভিন্ন প্ৰান্তৰ ভক্ত উপস্থিত হৈছে । প্ৰতিবছৰে মাঘী পূৰ্ণিমা তিথিৰ লগত সংগতি ৰাখি এই ঐতিহাসিক বৰনামঘৰত ভাগৱত পাঠৰ আয়োজন কৰা হয় । এইবাৰো দুদিনীয়া কাৰ্যসূচীৰে ভাগৱত পাঠৰ আয়োজন কৰা হৈছে ।
লগতে পঢ়ক :মৰিগাঁৱত চিলাৰায় দিৱস উদযাপন: কোচ ৰাজবংশীক শীঘ্ৰে জনজাতিকৰণৰ দাবী