পৰিবহণ বিভাগৰ নিৰ্দেশনাৰ বাবেই সমস্যাত বশিষ্ঠ মন্দিৰ পৰিচালনা সমিতি - Ambubachi Mela 2024

By ETV Bharat Assamese Team

Published : Jun 25, 2024, 7:11 AM IST

thumbnail
পৰিবহণ বিভাগৰ নিৰ্দেশনাৰ বাবেই সমস্যাৰ সন্মুখীন বশিষ্ঠ মন্দিৰ পৰিচালনা সমিতি (ETV Bharat Assam)

গুৱাহাটী, 25 জুন: মহা অম্বুবাচীৰ মাজতে বশিষ্ঠ মন্দিৰ প্ৰাংগণত হাহাকাৰ । প্ৰশাসন তথা পৰিবহণ বিভাগৰ হঠকাৰী সিদ্ধান্তৰ বাবে চৰম সমস্যাত ভূগিবলগীয়াত পৰিছে বশিষ্ঠ মন্দিৰ পৰিচালনা সমিতি তথা স্থানীয় ৰাইজ ।

উল্লেখ কৰা প্ৰয়োজন যে, বশিষ্ঠ মন্দিৰত মহা অম্বুবাচী উপলক্ষে সমবেত হৈছে হাজাৰ হাজাৰ ভক্ত । ঠিক এই সময়তে প্ৰশাসনে প্ৰতি 10 মিনিটৰ মূৰে মূৰে বশিষ্ঠ মন্দিৰ প্ৰাংগণৰ পৰা এখনকৈহে চিটি বাছ চলাচল কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে । এই নিৰ্দেশনাই সমস্যাত পেলাইছে মন্দিৰ পৰিচালনা সমিতিৰ লগতে স্থানীয় লোকসকলক ।

প্ৰশাসনৰ এই নিৰ্দেশনাৰ বাবেই সমস্যাত পৰিছে বশিষ্ঠ মন্দিৰলৈ অহা ভক্তসকল । কিয়নো 10 মিনিটৰ অন্তৰালত বাছ চলাচল কৰিবলৈ প্ৰদান কৰা নিৰ্দেশনাই মন্দিৰ প্ৰাংগণত সৃষ্টি কৰিছে এক বিশৃংখল পৰিৱেশ ৷ অম্বুবাচীৰ সময়চোৱাত এই নিৰ্দেশনা শিথিল কৰিবলৈ প্ৰশাসনক দাবী জনাইছে স্থানীয় লোকে ৷ 

উল্লেখ্য যে, 22 জুনৰ পৰা কামাখ্যা দেৱালয়ত আৰম্ভ হৈছে মহা অম্বুবাচী মেলা । যাক কেন্দ্ৰ কৰি কামাখ্যা মন্দিৰলৈ আগমন ঘটিছে দেশ-বিদেশৰ ভক্তৰ ৷ কামাখ্যা মন্দিৰলৈ অহা ভক্তসকলে ৰাজ্যখনৰ অন্যতম এক দেৱালয় বশিষ্ঠ মন্দিৰলৈও আহিছে আশিস বিচাৰি । কিন্তু হঠাতে জাৰি কৰা পৰিবহণ বিভাগৰ নিৰ্দেশনাই সমস্যাত পেলাইছে সকলোকে ।

লগতে পঢ়ক: মা-কামাখ্যাৰ আশিস বিচাৰি নীলাচলৰ বুকুত ভক্তৰ ভিৰ; শংখ-ঘন্টাধ্বনিৰে মুখৰিত চৌপাশ - Ambubachi Mela 2024

মা কামাখ্যাৰ আশীষ ল’বলৈ ভক্তৰ ভিৰ - Ambubachi Mela 2024

কামাখ্যাত অম্বুবাচী মেলা : নীলাচল পাহাৰত বিভিন্ন ৰাজ্যৰ সাধু-সন্ন্যাসী - Ambubachi Mela 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.