বাক্সাত জিলা আয়ুক্তৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন - assam flood 2024

By ETV Bharat Assamese Team

Published : Jun 19, 2024, 7:57 AM IST

thumbnail
বাক্সা জিলা আয়ুক্তৰ ভাষ্য (ETV Bharat assam)

বৰপেটাৰোড, 19 জুন : বাক্সাৰ বানাক্ৰান্তৰ কাষত থিয় দিলে জিলা আয়ুক্তই ৷ উপযুক্ত নলা নথকাৰ বাবে বাক্সাৰ জাখলিবিল পথাৰ বানৰ কবলত পৰে ৷ ফলত বহু পৰিয়ালত হাহাকাৰ সৃষ্টি হয় ৷ মঙলবাৰে বাক্সা জিলাৰ আয়ুক্ত কৃষ্ণা বৰুৱাই বানাক্ৰান্ত অঞ্চলটোত উপস্থিত হৈ বান পৰিস্থিতি পৰ্যবেক্ষণ কৰে ৷

আয়ুক্তগৰাকীয়ে বান পৰিস্থিতি পৰ্যবেক্ষণ কৰি কয় যে, বৰপেটাৰোডৰ ৰে’লপথৰ কাষেৰে বৈ অহা পানী উপযুক্ত নলা নথকাৰ বাবে আৱদ্ধ হৈ বানৰ সৃষ্টি কৰিছে । সেয়ে আৱদ্ধ পানী পল্লা নৈত বৈ যোৱাৰ বাবে সাময়িকভাৱে ফকলেণ্ডেৰে নলা খন্দাৰ ব্যৱস্থা কৰা হোৱাৰ কথা জানিবলৈ দিয়ে আয়ুক্তগৰাকীয়ে ৷

তেওঁ লগতে কয় যে, আগন্তুক খৰালি কালত ইয়াৰ নলাসমূহ স্থায়ীভাৱে নিৰ্মাণ কৰিলেহে জাখলিবিল পথাৰৰ সৰ্বসাধাৰণ ৰাইজ বানৰ কবলৰ পৰা ৰক্ষা পৰিব । জাখলিবিল পথাৰৰ ৰাইজৰ বাবে জিলা প্ৰশাসনৰ তৰফৰ পৰা পৰ্যাপ্ত খোৱাপানীৰ ব্যৱস্থা কৰা হৈছে বুলি জানিবলৈ দি পশুৰ খাদ্য সামগ্ৰীও জিলা প্ৰশাসনৰ পৰা যোগান ধৰিব বুলি উল্লেখ কৰে জিলা আয়ুক্ত বৰুৱাই ।

লগতে পঢ়ক : হোজাইত বান পৰিস্থিতি পৰিদৰ্শন সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.