১৫ দিনীয়া ক্ৰিকেট প্ৰশিক্ষণ শিবিৰ - KALIABOR CRICKET COACHING CAMP
🎬 Watch Now: Feature Video
Published : Oct 28, 2024, 10:09 AM IST
কলিয়াবৰ: কলিয়াবৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত কলিয়াবৰ ক্ৰিকেট সন্থাৰ ব্যৱস্থাপনাত দেওবাৰৰ পৰা আৰম্ভ হৈছে ক্ৰিকেট প্ৰশিক্ষণ শিবিৰ । কলিয়াবৰৰ ডাঃ টি আও ষ্টেডিয়ামত এই প্ৰশিক্ষণ শিবিৰ আৰম্ভ হৈছে । এই শিবিৰৰ মুকলি অনুষ্ঠানত অসম ক্ৰিকেট সন্থাৰ নিযুক্ত শিবিৰৰ মুখ্য প্ৰশিক্ষক প্ৰাক্তন ৰঞ্জী খেলুৱৈ বিচিত্ৰ বৰুৱা উপস্থিত থাকে ।
এই শিবিৰটোৱে কলিয়াবৰৰ পৰা মান বিশিষ্ট খেলুৱৈ উলিয়াই আনিবলৈ সক্ষম হ'ব বুলি মন্তব্য কৰে শিবিৰৰ মুখ্য প্ৰশিক্ষকগৰাকীয়ে । এই সন্দৰ্ভত কলিয়াবৰ ক্ৰিকেট সন্থাৰ সভাপতি মণিমাধৱ মহন্তই কয়, "এচাম নতুন খেলুৱৈক উন্নতমানৰ প্ৰশিক্ষণৰ জৰিয়তে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ গঢ়ি তোলাতো এই শিক্ষণ শিবিৰৰ মূল উদ্দেশ্য । যোৱা ২০০০ চনৰ পৰা কলিয়াবৰ ৰাজ্যিক পৰ্যায়ত ক্ৰিকেট খেলি আহিছে । বাচনি শিবিৰলৈও কলিয়াবৰৰ খেলুৱৈ আমন্ত্ৰিত হৈছে । পোন প্ৰথমবাৰৰ বাবে এই বছৰ কলিয়াবৰত নতুনকৈ গঠিত ছোৱালী দলেও অনুৰ্দ্ধ ১৫ বৰ্ষৰ ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে ।"
এই শিবিৰত ল'ৰাৰ অনুৰূপ যথেষ্ট সংখ্যক ছোৱালীয়েও অংশ লৈছে । প্ৰশিক্ষণ শিবিৰত স্থানীয় প্ৰশিক্ষক বেদান্ত বিজয় শইকীয়া, হৰেন্দ্ৰ কুমাৰ ওজা পল্লৱ সেন আৰু ৰফিকুল ইছলামে সহযোগিতা আগবঢ়াব ।