খোল খালে বৰপেটা আৰু ধুবুৰী সমষ্টিৰ ই ভি এম - LOK SABHA ELECTION RESULTS 2024

By ETV Bharat Assamese Team

Published : Jun 4, 2024, 9:10 AM IST

thumbnail
খোল খালে বৰপেটা আৰু ধুবুৰী সমষ্টিৰ ই ভি এম (etv bharat assam)

বৰপেটা, 4 জুন : 8 বজাৰ লগে লগে ৰাজ্যত আৰম্ভ হৈছে ভোটগণনা প্ৰক্ৰিয়া ৷ ৰাজ্যৰ 50 খন নিৰ্বাচনী জিলাৰ 52 টা কেন্দ্ৰৰ 152 টা হলৰ ভোটগণনাৰ ব্যৱস্থা কৰা হৈছে ৷ বৰপেটা জিলাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ত বৰপেটা আৰু ধুবুৰী সমষ্টিৰ ভোটগণনা অনুষ্ঠিত হৈছে ৷ পুৱাই ভোটগণনা কেন্দ্ৰত উপস্থিত হয়হি বৰপেটাৰ প্ৰাৰ্থী দীপ বায়ন আৰু ধুবুৰীৰ প্ৰাৰ্থী ৰকিবুল হুছেইন ।

লগতে পঢ়ক: ৪ জুনলৈ দৃষ্টিনিৱদ্ধ দেশবাসীৰ, অসমৰ পৰা কোন কোন যাব দিল্লীৰ মচনদলৈ ? - LOK SABHA ELECTION RESULTS 2024

বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ত ধুবুৰী লোকসভাৰ চেঙা আৰু মন্দিয়া সমষ্টি আৰু বৰপেটা লোকসভাৰ বৰপেটা আৰু পাকাবেতবাৰীৰ সমষ্টিৰ ভোটগণনা কৰা হয় ৷ ধুবুৰী লোকসভাৰ প্ৰাৰ্থী ৰকিবুল হুছেইনে আল্লা, ভগৱানৰ নাম লৈ আজি ৰাইজে সিদ্ধান্ত ল’ব বুলি মত প্ৰকাশ কৰে । তেওঁ লগতে কয় যে, আজিৰ ফলাফল কেৱল অসমতেই নহয় সমগ্ৰ ভাৰতবৰ্ষত ভাল হ’ব আৰু ইণ্ডি এলায়েন্স চৰকাৰ হ’ব । বৰপেটাৰ পিচত হুছেইনে ধুবুৰী লোকসভা সমষ্টিৰ বিভিন্ন ভোটগণনা কেন্দ্ৰ পৰিদৰ্শন কৰিব বুলি জানিবলৈ দিয়ে ।

লোকসভা নিৰ্বাচনৰ ফলাফলৰ লাইভ আপডেটৰ বাবে ক্লিক কৰক https://www.etvbharat.com/as/!elections/lok-sabha-election-results-2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.