মাৰ্ঘেৰিটাত বিভিন্ন দাবীৰ সমৰ্থনত ক'ল ইণ্ডিয়া শ্ৰমিকৰ প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Feb 16, 2024, 10:37 PM IST

thumbnail

তিনিচুকীয়া, ১৬ ফেব্ৰুৱাৰী : দেশৰ অন্যান্য প্ৰান্তৰ লগতে শুকুৰবাৰে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত কল ইণ্ডিয়াৰ শ্ৰমিকসকলে এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷ ক'ল ইণ্ডিয়াৰ শ্ৰমিকৰ বিভিন্ন দাবীৰ সমৰ্থনত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় । বিভিন্ন শ্ৰমিক সংগঠনেৰে গঠিত জইন্ট এক্সন কমিটীৰ আহ্বানত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷

চিটু আৰু ইনটাক নামৰ শ্ৰমিক সংগঠন দুটাৰ শতাধিক সদস্যই বিভিন্ন শ্ল’গানেৰে মাৰ্ঘেৰিটাৰ পৰিৱেশ উত্তাল কৰি তোলে । প্ৰতিবাদকাৰীসকলে উত্তৰ-পূব কয়লা ক্ষেত্ৰৰ মহাপ্ৰবন্ধকৰ কাৰ্যালয়ৰ সন্মুখত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । অতি শীঘ্ৰেই টিৰাপ কলিয়ৰিৰ মাইনিং কোম্পানী পুনৰ মুকলি কৰি নিৱনুৱা সমস্যা সমাধান কৰাৰ লগতে নতুনকৈ নিযুক্তি প্ৰদান কৰি যুৱ প্ৰজন্মক সংস্থাপন কৰি দিবলৈ প্ৰতিবাদকাৰীয়ে দাবী উত্থাপন কৰে প্ৰতিবাদৰ জৰিয়তে ৷

লগতে পঢ়ক : পেট্ৰলিয়াম ঠিকাভিত্তিক শ্ৰমিকৰ এঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.