সমনীয়াৰ সৈতে ফুৰিবলৈ আহি নদীত সন্ধানহীন হ’ল একাদশ শ্ৰেণীৰ ছাত্ৰ - Missing in River

By ETV Bharat Assamese Team

Published : Jul 12, 2024, 10:42 PM IST

thumbnail
চিমেন নদীত সন্ধানহীন একাদশ শ্ৰেণীৰ ছাত্ৰ (ETV BHARAT ASSAM)

জোনাই, 12 জুলাই : চিমেন নদীৰ পাৰত ফটো তুলিবলৈ আহি সন্ধানহীন ছাত্ৰ ৷ ডিব্ৰুগড়ৰ অজিতেশ হাজৰিকা নামৰ এগৰাকী ছাত্ৰ আজি নদীৰ বুকুত সন্ধানহীন হয় ৷ জানিব পৰা মতে লিডুৰ পৰা মূৰ্কংচেলেক অভিমুখী ৰে'লত ডিব্ৰুগড়ৰ পৰা সাতজনীয়া ছাত্ৰৰ এটা দল আহি চিমেন চাপৰি ৰে'লৱে ষ্টেচনত দুপৰীয়া 12 বজাত নামে ৷ ইয়াৰ পাচতে ডিব্ৰুগড়ৰ বৈৰাগীমঠৰ জয়ন্ত হাজৰিকাৰ পুত্ৰ তথা ডিব্ৰুগড় জ্ঞান বিজ্ঞান স্কুলৰ একাদশ শ্ৰেণীৰ ছাত্ৰ অজিতেশ হাজৰিকাৰ লগতে আন 6 জন ছাত্ৰই দিনৰ প্ৰায় 2.30 বজাত চিমেন নদীৰ প্ৰাকৃতিক দৃশ্য উপভোগ কৰিবলৈ প্ৰায় পাঁচ কিলোমিটাৰ নিলগৰ অৰুণাচল প্ৰদেশৰ ফালে যায় ৷

একাদশ শ্ৰেণীত পঢ়ি থকা আটাইকেইগৰাকী ছাত্ৰই চিমেন নদীৰ পাৰত উপস্থিত হৈ ফটো উঠিবলৈ লয় ৷ কিন্তু অজিতেশ হাজৰিকা নামৰ ছাত্ৰজনে এটা শিলত উঠি ফটো উঠিবলৈ লওঁতেই হঠাতে পিচলি পৰি নদীৰ সোঁতত উটি যায় ৷ এজন লগৰীয়াই অজিতেশক ৰক্ষা কৰিবলৈ চেষ্টা কৰিছিল যদিও সফল ন'হল ৷

এই খবৰ লাভ কৰি ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় ৷ ইয়াৰ পাচতে এছ ডি আৰ এফৰ জোৱানে অজিতেশ হাজৰিকাক বিচাৰি চিমেন নদীত অভিযান চলায় ৷ অৱশ্যে বাতৰি লিখা পৰলৈকে ছাত্ৰগৰাকীৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷

লগতে পঢ়ক : গোৱালপাৰাৰ অভিশপ্ত নাও দুৰ্ঘটনা: পুৱা উদ্ধাৰ গৌৰাংগ মালাকৰৰ মৃতদেহ; সন্ধান নাই উদয়ৰ - Boat Accident in Goalpara

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.