thumbnail

By ETV Bharat Assamese Team

Published : Jun 22, 2024, 10:44 PM IST

ETV Bharat / Videos

বাঢ়নী পানী চাবলৈ লৈ উভতিল নাবালকৰ নিথৰদেহ - Dead Body Found

বঙাইগাঁও, ২২ জুন: জিলাৰ মাণিকপুৰৰ নোৱাগাঁৱত পোকালাগী নৈত শনিবাৰে বাঢ়নী পানী চাবলৈ গৈ এটি ১১ বছৰীয়া নাবালিকে অকাল মৃত্যুক সাৱটি ল’বলগীয়া হয় ৷ মৃত নাবালকটি ৰাহুল পাটগিৰি বুলি জানিব পৰা হৈছে ৷ ৰাহুলে দুই সমনীয়া লগত বাঢ়নী পানী চাবলৈ গৈ নৈত গা ধুই থাকোতেই হঠাৎ সন্ধানহীন হয় ৷

স্থানীয় লোকে এই কথা জানিব পাৰি লগে লগে নৈত উদ্ধাৰ অভিযান আৰম্ভ কৰে ৷ প্ৰায় দুই ঘন্টাজোৰা উদ্ধাৰ অভিযানৰ অন্তত ৰাহুল পাটগিৰিক উদ্ধাৰ কৰা হয় ৷ তেওঁক ততাতৈয়াকৈ মাণিকপুৰ আদৰ্শ মহাত্মা গান্ধী চিকিৎসালয়লৈ অনা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে ।

উল্লেখ্য যে, নাবালকটিক উদ্ধাৰৰ বাবে এছ ডি আৰ এফক খবৰ দিয়া হয় যদিও ঘটনাস্থলীত এছ ডি আৰ এফৰ দল উপস্থিত নহ’ল । ইফালে ঘটনাস্থলীত মাণিকপুৰ আৰক্ষী থানাৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় আৰু মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে বঙাইগাঁৱলৈ প্ৰেৰণ কৰে । 

লগতে পঢ়ক: ৰঙিয়াৰ কৰ্টাখাটত অচিনাক্ত মৃতদেহ উদ্ধাৰ - Dead Body Found

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.