NIFT শ্বিলঙৰ সমাৱৰ্তন অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা - NIFT SHILLONG 12TH CONVOCATION

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Oct 26, 2024, 8:16 PM IST

হায়দৰাবাদ: শুকুৰবাৰে ৰাষ্ট্ৰীয় ফেশ্বন প্ৰযুক্তি প্ৰতিষ্ঠান (National Institute of Fashion Technology, NIFT) শ্বিলঙৰ স্থায়ী চৌহদৰ শুভ উদ্বোধন কৰা হয় । লগতে ২০২৪ বৰ্ষৰ ১২৩ গৰাকী স্নাতক উত্তীৰ্ণৰ বাবে দ্বাদশ সমাৱৰ্তন অনুষ্ঠানো অনুষ্ঠিত হয় ।  

কেন্দ্ৰীয় চৰকাৰৰ বস্ত্ৰ মন্ত্ৰী গিৰিৰাজ সিঙে এই চৌহদটি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে আৰু অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে । আনহাতে, সমাৱৰ্তন অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে ছাত্ৰ-ছাত্ৰীসকলক সম্বোধন কৰে কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ বিভাগৰ ৰাজ্যিক মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই । অনুষ্ঠানত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাও সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে ।

এই অনুষ্ঠানটি আয়োজন কৰে এন আই এফ টিৰ সঞ্চালক প্ৰধান তনু কাশ্যপ আৰু এন আই এফ টি শ্বিলঙৰ সঞ্চালক শংকৰ কে ঝাই । এই অনুষ্ঠানতে শিক্ষানুষ্ঠানখনৰ পৰা সুখ্যাতিৰে স্নাতক ডিগ্ৰী অৰ্জন কৰা ১২৩ গৰাকী ছাত্ৰ-ছাত্ৰীক ডিগ্ৰী প্ৰদান কৰা হয় ।

লগতে পঢ়ক :কেৰালাৰ উপ-নিৰ্বাচনৰ গুৰু দায়িত্ব এগৰাকী অসমসন্তানৰ ওপৰত
লগতে পঢ়ক :উচ্চ শিক্ষানুষ্ঠানসমূহত একাধিক প্ৰৱেশ একাধিক প্ৰস্থান কাৰ্যকৰী কৰা কঠিন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.