চাঞ্চল্যকৰ: ঘৰৰ মজিয়াত উদ্ধাৰ বন্দুকৰ গুলী - bullet recovered in sivasagar - BULLET RECOVERED IN SIVASAGAR
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/01-06-2024/640-480-21607287-thumbnail-16x9-yc.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Jun 1, 2024, 8:53 AM IST
আমগুৰি, 1 জুন: শিৱসাগৰ জিলাৰ চেৰেকাপাৰ আৰক্ষী থানাৰ অন্তৰ্গত পানীবিলত উদ্ধাৰ এটা বন্দুকৰ গুলী । নাজিৰাৰ পানীবিলৰ লিলি ফুকনৰ ঘৰত এটা বন্দুকৰ গুলী উদ্ধাৰক লৈ সৃষ্টি হৈছে এই চাঞ্চল্য ।
বিৱৰণি অনুসৰি, শুকুৰবাৰে বিয়লি লিলি ফুকনৰ ঘৰৰ টিনপাত ভেদি গুলীটো ঘৰটোৰ মজিয়াত সৰি পৰে ৷ যাৰ ফলত টিনপাত ফুটা হয় ৷ লগতে গুলীটোৱে টিনপাতৰ তলৰ কাঠৰ চিলিং আৰু কোঠাটোত থকা এখন টেবুলো ফুটা হয় বুলি জানিবলৈ দিয়ে পৰিয়ালটোৱে ।
পিছে ক'ৰ পৰা কিদৰে ঘৰৰ টিনপাত ফুটা কৰি ঘৰৰ ভিতৰত বন্দুকৰ গুলী আহি পৰিল, তাক লৈ চিন্তিত হৈ পৰিছে শিৱসাগৰৰ পানীবিল নিবাসী এই পৰিয়ালটো । গুলীটো উদ্ধাৰৰ পাচতে এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে অঞ্চলটোত ৷
ইতিমধ্যে ঘটনা সন্দৰ্ভত স্থানীয় চেৰেকাপাৰ আৰক্ষী চকীত পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰিছে । আৰক্ষীৰ তদন্তৰ পিছতে সমগ্ৰ ঘটনা পোহৰলৈ আহিব বুলি আশা কৰা হৈছে ।
লগতে পঢ়ক: Bullet on MLA Vehicle: বিধায়ক তেৰছ গোৱালাৰ বাহনত উদ্ধাৰ বন্দুকৰ গুলী