বোমা বিচাৰি হায়ৰাণ সৰুপথাৰ আৰক্ষী - ULFA I bomb plans - ULFA I BOMB PLANS
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/15-08-2024/640-480-22213395-thumbnail-16x9-spthr-aspera.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Aug 15, 2024, 4:23 PM IST
সৰুপথাৰ,১৫ আগষ্ট: সৰুপথাৰ আলফাই বোমা সংস্থাপনৰ বিবৃতি পোৱাৰ পিছতেই সষ্টম সৰুপথাৰ আৰক্ষী । বোমা বিচাৰি চৌদিশ চলাথ কৰিছে সৰুপথাৰ আৰক্ষীয়ে । সৰুপথাৰ নগৰৰ ৰে'লৱে ষ্টেচন, এছ ডি অ', বাছ আস্থানত বোমা বিচাৰি তৎপৰ হোৱা পৰিলক্ষিত হৈছে । একপ্ৰকাৰৰ আতংকৰ সৃষ্টি হৈছে সমগ্ৰ সৰুপথাৰত । মহকুমা আৰক্ষী বিষয়াকে ধৰি আৰক্ষীৰ দলে সৰুপথাৰ নগৰৰ আশে-পাশে বিভিন্ন স্থানত বোমা বিচাৰি চলাথ কৰিছে ।
মুঠৰ ওপৰত আলফা স্বাধীনৰ বিবৃতি পোৱাৰ পিছতেই সৰুপথাৰ আৰক্ষীৰ মাজত ব্যাপক হুৱাদুৱা লাগিছে । আলফা (স্বা)ৰ বিবৃতিত অসমৰ ভিন্ন স্থানত ঠাইসমূহৰ নাম উল্লেখ কৰিছিল যদিও সৰুপথাৰ আৰু গোলাঘাটৰ কোনো স্থান উল্লেখ কৰা নাছিল । সেয়ে আৰক্ষী বিষয়া দ্বীপেন পাটৰৰ নেতৃত্বত সৰুপথাৰৰ ভিন্ন প্ৰান্তত চলিছে অভিযান ।