মাকুমত পুখুৰীত উদ্ধাৰ উৱলি যোৱা মৃতদেহ - Death mystery in Tinsukia - DEATH MYSTERY IN TINSUKIA
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/06-08-2024/640-480-22139860-thumbnail-16x9-cxzncz.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Aug 6, 2024, 4:19 PM IST
তিনিচুকীয়া, ৬ আগষ্ট : মাকুম আৰক্ষী থানাৰ অন্তৰ্গত টিংৰাই বঙালী গাঁৱৰ অশোক নগৰত পুখুৰীত পৰি থকা অৱস্থাত এটা উৱঁলি যোৱা মৃতদেহ উদ্ধাৰ কৰা হয় । মৃতদেহটো ৪১ বছৰ বয়সৰ বাবু খনিকৰ নামৰ এজন ব্যক্তিৰ ।
জানিব পৰা মতে দেওবাৰৰৰ পৰা নিৰুদ্দেশ হৈ আছিল ব্যক্তিজন । মঙলবাৰে পুৱা ৬ বজাত স্থানীয় লোকে মৃতদেহটো প্ৰত্যক্ষ কৰি টিংৰাই বঙালী গাঁৱৰ গাঁও প্ৰধানজনক খবৰ দিয়ে ৷ তাৰ পিচতে ঘটনাস্থলীত স্থানীয় মাকুম থানাৰ আৰক্ষী উপস্থিত হৈ মৃতদেহটো পুখুৰীৰ পৰা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । মৃত্যুৰ কাৰণ মৰণোত্তৰ পৰীক্ষাৰ পিচতহে জানিব পৰা যাব ।
উল্লেখযোগ্য যে মৃত্যুৰ সময়ত ব্যক্তিজনে এগৰাকী কন্যা সন্তানক ইহসংসাৰত এৰি থৈ যায় । ব্যক্তিজনৰ মৃত্যুত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰা দেখা গৈছে ।
লগতে পঢ়ক : অৰুণাচল সীমান্তৱৰ্তী জহিং নৈৰ বালিচৰত উদ্ধাৰ এটা মৃতদেহ